ডাউনলোড
মোবাইল এপ

android apple
signal

August 2, 2024 8:08 AM

printer

গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ’ব পাৰিব: ধর্মেন্দ্র প্রধান

● লোকসভাই শিক্ষা মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰিত অনুমোদন জনাইছে। শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি কয় যে, যোৱা কেইটামান বছৰত শিক্ষা মন্ত্ৰ্যালয়ৰ বাবে বাজেটত আমন্ত্ৰিত ধন বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ’ব পাৰিব। সদনত শিক্ষা মন্ত্ৰালয়ে দাবী মঞ্জুৰি সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি শ্ৰী প্ৰধানে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ২০১৩-১৪ বৰ্ষত শিক্ষা শিতানত চাৰি লাখ ৩০ হাজাৰ কোটি টকা ব্যয় কৰা হৈছিল আৰু সম্প্ৰতি এই ধন ৯ লাখ ১৯ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ২০১৩-১৪ চনৰে পৰা উচ্চ শিক্ষা খণ্ডৰ বাবে বাজেটত আৱণ্টিত ধন ৭৮ শতাংশ বৃদ্ধি পাইছে বুলি শ্রী প্রধানে উল্লেখ কৰে। তেওঁ কয় যে, শিক্ষা মন্ত্ৰ্যালয়ে উত্তৰ দায়িত্বৰ সৈতে সুলভ, সমীচিন, বহনসাধ্য আৰু গুণগত শিক্ষা প্ৰদানৰ বাবে যথেষ্ট কাম কৰিছে। দেশৰ আই আই এম আৰু আই আই টিকে ধৰি উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ সংখ্যা চকুত লগা ধৰণে বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ২০১৪-১৫ বৰ্ষত দেশত ৭৬০ খন বিশ্ববিদ্যালয় আছিল আৰু সম্প্ৰতি বিশ্ববিদ্যালয়ৰ সংখ্যা এহেজাৰ ১৬৮ লৈ বৃদ্ধি পাইছে। শ্ৰী প্ৰধানে কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ জনজাতীয় লোকসকলক গুণগত শিক্ষা প্ৰদানৰ উদ্দেশ্যে প্রধানমন্ত্রী জনমন আঁচনি আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে, চৰকাৰ জনজাতীয় শিক্ষাৰ প্ৰতি বদ্ধপৰিকৰ। জনজাতীয় লোকৰ বাবে শিক্ষা সুলভ কৰি তোলাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী জনমন আঁচনিৰ অধীনত ৫০০টা ছাত্রাবাস নিৰ্মাণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সাংকেতিক ভাষাৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব আৰোপ কৰিছে। আলিগড় মুছলিম বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা উপাচাৰ্য নিয়োগ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী প্ৰধানে কয় যে, স্কুলসমূহত নিয়োজিত শিক্ষয়ত্ৰীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে।

ইয়াৰ পূৰ্বে শিক্ষা মন্ত্ৰ্যালয় দাবী মঞ্জুৰী সম্পর্কে আলোচনাৰ পাতনি মেলি বিজেপিৰ তেজস্বী সূর্যাই কয় যে, বিগত ১০ বছৰত দেশত আন্তগাঁথনি আৰু শিক্ষাৰ মান চকুত লগা ধৰণে বৃদ্ধি পাইছে। তেওঁ কয় যে এইবাৰৰ বাজেটত যুৱ প্ৰজন্মৰ সামৰ্থ বৃদ্ধি আৰু তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে ভালেমান ব্যৱস্থা ঘোষণা কৰা হৈছে। তেওঁ লগতে কয় যে, বাজেটত প্ৰত্যেক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন সৃষ্টি আৰু চাৰি কোটি যুৱক-যুৱতীক দক্ষতাৰ প্ৰশিক্ষাণ প্ৰদানত গুৰুত্ব আৰোপ কৰা হৈছে। । সাংসদগৰাকীয়ে কয় যে, ২০১৩-১৪ বৰ্ষত উচ্চ শিক্ষা বিভাগৰ বাজেট মাত্র ২৬ হাজাৰ ৭৫০ কোটি টকা আছিল আৰু সম্প্ৰতি এই ধন ৭১ শতাংশ বৃদ্ধিৰে ৪৭ হাজাৰ কোটিৰো অধিক টকা হৈছে। আলোচনাত অংশ লৈ কংগ্ৰেছৰ মহম্মদ জাভেদে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ভালসংখ্যক পদ খালী হৈ থকাৰ বিষয়টো উল্লেখ কৰে। তেওঁ কয় যে, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ভালেসংখ্যক পদ খালী হৈ আছে আৰু এই পদসমূহ শীঘ্ৰেই পূৰণ কৰাৰ আৱশ্যকতা আছে। বিভিন্ন বিদ্যালয়ত ৪ লাখ ৮০ হাজাৰ শিক্ষকৰ পদ আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ৬১ হাজাৰৰো অধিক পদ খালী হৈ আছে বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে। তৃণমূল কংগ্ৰেছৰ প্ৰতিমা মণ্ডলে আলোচনাত ভাগ লৈ কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহ দেশত শিক্ষাৰ মান বৃদ্ধি কৰাত ব্যার্থ হৈছে বুলি অভিযোগ তোলে। এইবাৰৰ বাজেটখন দক্ষতাৰ বিকাশ কাৰ্যসূচীত অগ্ৰাধিকাৰ প্ৰদানত ব্যার্থ হোৱা বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে। তৃণমূল কংগ্ৰেছৰ আন এগৰাকী সাংসদ চৌগত ৰয়ে কয় যে, ভাল শিক্ষার্থীসকল বিদেশলৈ যোৱা বন্ধ কৰিবলৈ হ’লে উচ্চ শিক্ষাৰ মান উন্নত কৰিবই লাগিব। তেওঁ কয় যে, যোৱা বছৰ উচ্চ শিক্ষাৰ বাবে ৮ লাখ ৯৬ হাজাৰ ভাৰতীয় শিক্ষার্থী বিদেশলৈ গৈছে। ব্রেইন ড্রেইন অর্থাৎ মেধাৰ বিদেশগমন বন্ধ হোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। আৰ এল পিৰ হনুমান পেনিৱালে কয় যে, চৰকাৰে কোচিং মাফিয়াৰ অৱসান ঘটোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত। তেওঁ লগতে প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে।
এ আই এম আই এমৰ আছাদুদ্দিন ওৱেচি, আম আদমী পাৰ্টীৰ মালবীন্দৰ সিং, বিজেপিৰ কামাখ্যা প্ৰসাদ তাচা, সমাজবাদী পাৰ্টীৰ প্ৰিয়া সৰোজ, বিজেপিৰ সম্বীত পাট্টা, ডি এম কেৰ কানিমোঝিয়ে আলোচনাত অংশ লয়।

অধিক পঢ়ক

সকলো চাওক