ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভাত সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পর্কে বিশেষ আলোচনা

লোকসভাত সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পর্কে অনুষ্ঠিত বিশেষ আলোচনাত অংশ লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই ৭৫ বছৰীয়া যাত্ৰা অতুলনীয় বুলি মন্তব্য কৰে। তেওঁ সংবিধানৰ প্ৰণেতাসকলৰ লগতে সুদীৰ্ঘ সময়জুৰি সংবিধানৰ প্ৰতিটো নীতি-আদৰ্শ শ্ৰদ্ধাৰে অনুসৰণ কৰি অহা দেশৰ জনসাধাৰণক শ্রদ্ধা জ্ঞাপন কৰে। ভাৰতৰ স্বকীয়তাত বৈচিত্ৰ্যৰ মাজত ঐক্য নিবদ্ধ হৈ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, এই বৈচিত্ৰ্যক উদযাপন কৰিয়েই দেশৰ প্ৰগতি সুনিশ্চিত হৈছে।

ইয়াৰ পূৰ্বে, আলোচনাত অংশ লৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত ড০ ভীমৰাও আম্বেদকাৰৰ অৱদানৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ ভাবনা অনুযায়ী সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছে। দেশে স্বাধীনতাৰ পাছৰে পৰা সকলোৰে বাবে সমঅধিকাৰ সুনিশ্চিত কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে দেশত সংখ্যালঘূৰ বিৰুদ্ধে কোনো বৈষম্য হোৱা নাই আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে আইনী সুৰক্ষা লাভ কৰি আহিছে। তেওঁ লগতে কয়, যে দেশত ছটা সংখ্যালঘু সম্প্ৰদায়ৰ কল্যাণৰ বাবে ভালেমান আঁচনি ৰূপায়ণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে জনসাধাৰণে ভাৰতৰ বিষয়ে কিবা কোৱাৰ সময়ত সতৰ্ক হোৱা উচিত কিয়নো, সেই কথাই দেশৰ গোলকীয় প্রতিচ্ছবি প্রভাৱিত কৰিব পাৰে। তেওঁ লগতে ২০১৪ চনত এন ডি এ চৰকাৰে ক্ষমতা গ্ৰহণ কৰাৰ পাছৰে পৰা উত্তৰ-পূৰ্বাঞ্চলত হোৱা বিভিন্ন কামকাজৰ বিষয়ে আলোকপাত কৰে। শ্ৰী ৰিজিজুৱে কয়, যে ১৯৪৭ চনৰ পৰা ২০১৪ চনলৈ উত্তৰ-পূৰ্বাঞ্চলত মাত্র ৯টা বিমান বন্দৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু বিগত ১০ বছৰতে বিমান বন্দৰৰ সংখ্যা ১৭লৈ বৃদ্ধি পাইছে। একেদৰে ২০১৪ চনলৈ প্ৰায় ১১ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছিল আৰু বিগত ১০ বছৰত ১৬ হাজাৰ কিলোমিটাৰৰো অধিক ঘাইপথ নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

আলোচনাত ভাগ লৈ ডি এম কেৰ এ ৰাজাই গণতন্ত্র, আইনৰ শাসন, ধৰ্মনিৰপেক্ষতা আৰু সমতাৰ বিষয় উত্থাপন কৰে। ডি ৰাজাই শাসকীয় পক্ষৰ সদস্যসকলৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ শাসকীয় আৰু ডি এম কেৰ সদস্যসকলৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। শাসকীয় পক্ষৰ সাংসদসকলে তেওঁৰ মন্তব্যৰ বিৰোধিতা কৰে আৰু ডি এম কেৰ সাংসদগৰাকীয়ে ক্ষমা খুজিব লাগে বুলি দাবী জনায়। সেইসময়ত সদনৰ কাম পৰিচালনাৰ দায়িত্বত থকা সভাপতি জগদম্বিকা পালে এ ৰাজাক কাৰো বিৰুদ্ধে এনে মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে আৰু সাংসদগৰাকীৰ মন্তব্য সদনৰ কাৰ্য বিৱৰণীৰ পৰা বাদ দিবলৈ কয়। টি ডি পিৰ লৱু শ্ৰীকৃষ্ণ দেৱৰায়লুয়ে কয়, যে সংবিধান প্ৰণয়নৰ কামত ড০ বি আৰ আম্বেদকাৰৰ লগতে ৩৮৯ গৰাকী সদস্য আছিল। বিজেপিৰ সাংসদ তেজস্বী সূৰ্যই ডিএমকে আৰু কংগ্ৰেছক সমালোচনা কৰি কয়, যে তেওঁলোকে ১৯৭৪ চনত সংবিধানৰ প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ কচ্চাটিৱু নামৰ দ্বীপটো শ্ৰীলংকাক গতাই দিছিল। কংগ্ৰেছৰ ৰাজনৈতিক কাৰণৰ বাবে এই গুৰুত্ব দ্বীপটো গতাই দিয়া হৈছিল বুলিও তেওঁ দাবী কৰে।

আলোচনাত অংশ লৈ লোকসভাত বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপিয়ে সংবিধানক দুর্বল কৰা বুলি অভিযোগ তোলে। তেওঁ লগতে কর্মসংস্থাপনহীনতা, অগ্নিবীৰ আঁচনি, ব্যৱসায় আৰু চৰকাৰী বিষয়াৰ মাজৰ পাৰস্পৰিক লাভালাভৰ সম্পৰ্ক আধাৰিত ক্ৰ’নি কেপিটেলিজিম আৰু খেতিয়ক তথা মহিলাৰ বিৰুদ্ধে সংঘটিত আতিশয্যক লৈ প্ৰশ্ন উত্থাপন কৰে। বৰ্তমানৰ চৰকাৰৰ শাসন কালত ৰাজনৈতি, সামাজিক আৰু অর্থনৈতিক সমতা সম্পূৰ্ণৰূপে লোপ পোৱা বুলিও শ্ৰী গান্ধীয়ে অভিযোগ তোলে। তেওঁ কয়, যে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে তেওঁলোকে জাতিগত পিয়ল অনুষ্ঠিত কৰিব আৰু সংৰক্ষণৰ ক্ষেত্ৰত থকা ৫০ শতাংশ ঊৰ্ধ্বতম সীমাৰ বিলুপ্তি কৰিব।

অধিক পঢ়ক

সকলো চাওক