পাঞ্জাবত লোকসভা নির্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

পাঞ্জাৱতো লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৰাজ্যখনত এইবেলি ৩২৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ১৫৯ গৰাকী বিভিন্ন ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দলৰ পৰা প্ৰতিদ্বন্দ্বিতাত নমাৰ বিপৰীতে আন ১৬৯ গৰাকী প্ৰাৰ্থী নিৰ্দলীয় ৰূপে অৱতীৰ্ণ হৈছে। অৱশ্যে ৰাজ্যখনৰ ইতিহাসত এই পর্যন্ত মাত্ৰ এগৰাকী নিৰ্দলীয় প্রার্থীহে লোকসভা নিৰ্বাচনত জয়ী হৈছে। ৰাজ্যখনত অহা ১ জুনত ১৩টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ’ব। এই নির্বাচনত ভাৰতীয় জনতা পাৰ্টী, ভাৰতীয় জাতীয় কংগ্ৰেছ, আম আদমী পাৰ্টী আৰু শিৰোমণি আকালি দলে আটাইকেইটা সমষ্টিতে প্রার্থী প্ৰক্ষেপ কৰিছে। শিৰোমণি আকালি দল অমৃতসৰে ১২টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ৰাজ্যখনত বিজেপিয়ে পাটিয়ালা, ভাটিন্দা আৰু হোছিয়াৰপুৰত তিনিগৰাকী মহিলা প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে ফৰিদকোট আৰু হোছিয়াৰপুৰত একেধৰণৰ পদক্ষেপ লৈছে। ইয়াৰ বিপৰীতে আম আদমী পাৰ্টীয়ে মহিলা প্রার্থীক টিকট দিয়া নাই।

অধিক পঢ়ক

সকলো চাওক