লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে কালি সন্ধিয়া কলকাতাত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰ আৰু বিধানসভাৰ বিৰোধী পক্ষৰ নেতা সুভেন্দু অধিকাৰীয়ে কলকাতাত মোডীৰ এই প্ৰথমটো ৰোড শ্ব’ত প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিয়ে। ইয়াৰ পূৰ্বে শ্রীমোডীয়ে উত্তৰ চৌব্বিছ পৰগনা জিলাৰ বাৰাছাত লোকসভা সমষ্টিৰ অধীনৰ অশোক নগৰত এখন নির্বাচনী সভাত ভাগ লয়। পাছত তেওঁ বাৰুইপুৰত এখন নির্বাচনী সভাত ভাষণ দিয়ে।

ঝাৰখণ্ডতো নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। বিজেপি, জে এম এম, কংগ্ৰেছ, আৰ জে ডি, এ জে এছ ইউ আৰু বাঁও দলকে ধৰি বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ইখনৰ পিছত সিখনকৈ কেইবাটাও সমাৱেশ আৰু ৰোড শ্ব’ত অংশ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি ডুংকা আৰু গোদ্দাত দলীয় প্রার্থীৰ হকে নির্বাচনী সভাত ভাষণ দিব আৰু ৰোড শ্ব’ত অংশ ল’ব। একেদৰে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও আজি ডুংকাত নির্বাচনী সভাক সম্বোধন কৰিব। ইপিনে, জে এম এমৰ নেত্ৰী কল্পনা চোৰেণে কালি শ্বাহিবগঞ্জত এটা নির্বাচনী সমাৱেশত ভাষণ দি তেওঁৰ স্বামী তথা প্রাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণক ষড়যন্ত্ৰৰ বাবেই কাৰাগাৰলৈ প্ৰেৰণ কৰা বুলি মন্তব্য কৰে। আনহাতে, ঝাৰখণ্ড কংগ্ৰেছৰ মুৰব্বী ৰাজেশ ঠাকুৰে বিধি বলৱৎকাৰী সঞ্চালকালয়ে নির্বাচন প্রভাৱিত কৰাৰ বাবে কাম কৰি থকা বুলি অভিযোগ তোলে।

বিহাৰতো সপ্তম পৰ্যায়ৰ নিৰ্বাচনত প্ৰচাৰ তুংগত উঠিছে। এন ডি এ, মহামিত্ৰজোঁট আৰু অন্য ৰাজনৈতিক দলৰ নেতাসকলে ৰাজ্যখনত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি পাটনা চাহিব আৰু আৰা সমষ্টিত তিনিখন নির্বাচনী সভাত ভাগ লয়। ইপিনে, জে ডি ইউৰ সভাপতি তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কালি নালান্দা সংসদীয় সমষ্টিত একাধিক নির্বাচনী সভাক সম্বোধন কৰে। আনহাতে, আৰ জে ডিৰ মুৰব্বী লালু প্রসাদ যাদৱে কালি পাতলিপুত্ৰ সংসদীয় সমষ্টিৰ বিভিন্ন অংশত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱেও কালি বক্সাৰ সংসদীয় সমষ্টিত এখন নির্বাচনী সভাত ভাষণ দিয়ে। তেওঁ লগতে চাচাৰাম, জেহানাবাদ আৰু পাতলিপুত্ৰ সমষ্টিত আৰ জে ডি আৰু কংগ্ৰেছৰ সমৰ্থনত প্ৰচাৰ চলায়।

অধিক পঢ়ক

সকলো চাওক