লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পাছত ৰাজনৈতিক দলসমূহে সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি উত্তৰ প্ৰদেশৰ কুশিনগৰ, বালিয়া আৰু সোণভদ্রা জিলাত প্ৰচাৰ চলাব। আনহাতে মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্যনাথে মহাৰাজগঞ্জ, কুশিনগৰ দেঅ’ৰীয়া আৰু গোৰখপুৰত দলৰ হকে প্ৰচাৰত ভাগ ল’ব।
ইপিনে কংগ্ৰেছৰ মুখপাত্র অভয় দুবেই আজি বাৰানসীত দলীয় প্ৰাৰ্থী অজয় ৰায়ৰ হৈ এখন সংবাদ মেল সম্বোধন কৰিব।
বিহাৰতো সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ তুংগত উঠিছে। ৰাজ্যখনত এন ডি এ আৰু মহামিত্ৰজোঁটৰ লগতে অন্যান্য দলসমূহে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে চেষ্টাৰ অকণো ত্রুটি কৰা নাই। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি আৰা সংসদীয় সমষ্টিৰ বীৰ কুঁৱৰ সিং ষ্টেডিয়ামত এখন নির্বাচনী সভাত অংশগ্রহণ কৰিব। আনহাতে জে ডি ইউ নেতা তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কাৰাকাত সমষ্টিৰ ন’খাত দলৰ হকে প্ৰচাৰ চলাব। একেদৰে কেন্দ্ৰীয় মন্ত্ৰী গিৰীৰাজ সিং আৰু বিজেপিৰ ৰাজ্যিক সভাপতি সম্রাট চৌধৰীয়ে জেহেনাবাদ সংসদীয় সমষ্টিত প্ৰচাৰত ভাগ ল’ব।
ইফালে, মহামিত্ৰজোঁটৰ অন্তৰ্ভুক্ত আৰ জে ডি, কংগ্ৰেছ আৰু বাঁও দলৰ নেতাসকলে দলীয় প্রার্থীৰ হকে ৰাজ্যৰ বিভিন্ন ঠাইত আজি নির্বাচনী সমাৱেশত অংশ ল’ব। আৰ জে ডি নেতা তেজস্বী প্রসাদ যাদৱ আৰু বিকাশশীল ইনচান পাৰ্টীৰ মুৰব্বী মুকেশ সাহানীয়ে কালি কেইবাটাও সমষ্টিত একেলগে নির্বাচনী সভাত ভাগ লয়।
বহুজন সমাজপাৰ্টীৰ মুৰব্বী মায়াৱতীয়েও বক্সাৰত দলীয় প্রার্থীৰ হকে এখন নির্বাচনী সভাত ভাষণ দিয়ে। তেওঁ ভাষণত বিজেপি পুনৰ ক্ষমতালৈ নাহে বুলি দাবী কৰে। তেওঁ কয় যে, জনসাধাৰণে এইবাৰৰ নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰদলসমূহক এশিকনি দিব।