দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে। পঞ্চম পর্যায়ত ২০ মে’ত ৪৯টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। ২৫ মে’ত ষষ্ঠ পৰ্যায়ত ৫৭টা আৰু ১ জুনত সপ্তম পৰ্যায়ত ৫৭টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পশ্চিমবংগৰ বনগাঁও লোকসভা সমষ্টিত নির্বাচনী প্ৰচাৰ সভাত অংশ লয়। অনুষ্ঠানত অংশ লৈ শ্ৰীশ্বাহে জনসাধাৰণক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰোৱাৰ বাবে জনসাধাৰণক এন ডি এক ভোটদান কৰিবলৈ আহ্বান জনায়। তেওঁ চতুর্থ পর্যায়লৈকে নির্বাচন অনুষ্ঠিত ৩৮০খন আসনৰ ভিতৰত এন ডি এয়ে ২৭০খন আসন লাভ কৰিব বুলি মন্তব্য কৰে। ইফালে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি উত্তৰ প্ৰদেশৰ আমেথিত আয়োজিত এখন জনসভাত অংশ লয়।

কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই আজি উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ আৰু গোৰখপুৰৰ সমীপৰ চৌৰি-চৌৰাত আয়োজিত জনসভাত অংশগ্ৰহণ কৰে। নিজৰ ভাষণত তেওঁ কংগ্ৰেছ নেতৃত্বাধীন আই এন ডি আই মিত্ৰজোঁট ক্ষমতালৈ আহিলে কৃষকৰ ঋণ ৰেহাই দিয়াৰ লগতে কৃষিখণ্ডৰ পৰা জি এছ টি আঁতৰোৱা হ’ব বুলি উল্লেখ কৰে। একেদৰে কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্রাই আজি উত্তৰ প্ৰদেশৰ আমেথিত জনসভাত অংশগ্ৰহণ কৰি প্ৰচাৰ অভিযান চলায়। ইপিনে আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰত এটা ৰোড শ্ব’ত অংশ লয়। সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে আজি ঝাছিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদীপ জৈনৰ হকে যুটীয়াভাৱে নিৰ্বাচনী সভাত ভাষণ দিয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আজি ওড়িশাৰ ভুবনেশ্বৰত এখন জনসভাত অংশ লয়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে দেশক প্ৰগতিৰ পথত আগবঢ়াই নিয়াৰ বাবে এন ডি এক সমৰ্থন কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।

বিহাৰতো প্ৰচাৰ পূৰ্ণগতিত অব্যাহত আছে। বিজেপি, জে দি ইউ, লোকজনশক্তি পাৰ্টী ৰামৱিলাস, হিন্দুস্তানী আৱাম মৰ্চা, আৰু ৰাষ্ট্ৰীয় মৰ্চাৰ নেতাসকলে ৰাজ্যখনৰ ঠায়ে ঠায়ে আজি এন ডি এ প্ৰাৰ্থীৰ হকে প্ৰচাৰত ভাগ লয়। ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ তাৰকা প্ৰচাৰকসকলে আজি নিজৰ কাৰ্যসূচী বাতিল কৰে। আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱ, বিকাশশীল ইনচান পাৰ্টীৰ মুৰব্বী মুকেশ সাহানীয়েও আজি বিভিন্ন সমষ্টিত মহা মিত্ৰজোটৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছৰ নেতাসকলে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে প্ৰচাৰত ব্ৰতী হয়।

অধিক পঢ়ক

সকলো চাওক