দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰেলী আৰু ৰোড শ্ব’ৰে ভোটাদাতাৰ মন আকৰ্ষণৰ চেষ্টা দলীয় নেতাৰ

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ইখনৰ পিছত সিখনকৈ ৰেলী আৰু ৰোড শ্ব’ৰ আয়োজন কৰি ভোটদাতাৰ মন আকৰ্ষণ কৰাৰ আপ্রাণ চেষ্টা চলাইছে। এই পৰ্যায়ত অহা ২৬ এপ্ৰিলত কেৰালাৰ ২০ খন, কৰ্ণাটকৰ ১৪ খন, ৰাজস্থানৰ ১৩ খন, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮ খনকৈ, মধ্য প্ৰদেশৰ ৭ খন, অসম আৰু বিহাৰৰ ৫ খনকৈ, পশ্চিম বংগ আৰু ছত্তিশগড়ৰ ৩ খনকৈ আৰু ত্ৰিপুৰা আৰু জম্মু-কাশ্মীৰৰ এখনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজস্থানৰ জালোৰ আৰু বঞ্চবাড়া নিৰ্বাচনী ৰেলীক সম্বোধন কৰে। তেওঁ কয় যে দেশৰ বাবে এখন সুস্থিৰ চৰকাৰৰ প্ৰয়োজন, যিখন চৰকাৰে ভৱিষ্যতৰ প্ৰয়োজনসাপেক্ষে মৌলিক আন্তঃগাঁথনি, সা-সুবিধাসমূহ উন্নীত কৰিব পাৰে তথা যুৱক-যুৱতীসকলৰ সপোন অনুধাৱন কৰি তেওঁলোকৰ প্ৰয়োজনসাপেক্ষে নীতিসমূহ ৰূপায়ণ কৰিব পাৰে আৰু মহিলা, কৃষক, দৰিদ্ৰ, অৱহেলিত, জনজাতি তথা পিছপৰা শ্ৰেণীৰ লোকসকলৰ যতন ল’ব পাৰে৷ তেওঁ কয় যে, বিজেপিয়ে দেশক উন্নতিৰ শিখৰলৈ লৈ যোৱাৰ সংকল্পৰে কাম কৰি আছে। কংগ্রেছে সুবিধাবাদী মিত্রজোঁট গঠন কৰিছে বুলি অভিযোগ তুলি শ্রীমোদীয়ে কয় যে, এনে মিত্ৰজোঁটৰ হাতত দেশৰ শাসনভাৰ তুলি দিয়াটো উচিত নহয়।

ইপিনে, মুৰ্চিদাবাদৰ নৰসিংহপুৰ আৰু শিলিগুড়ি তথা মালদাৰ নালাগোলাত আয়োজিত জনসভাত ভাষণ দি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, সন্দেশখালীৰ ঘটনাই ইয়াকে প্ৰমাণিত কৰিছে যে, মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ অধীনত পশ্চিমবংগৰ মহিলাসকল মুঠেও সুৰক্ষিত নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে এন আৰ চিৰ বিষয় সন্দৰ্ভত প্ৰব্ৰজিত শ্রমিকসকলক বিপথে পৰিচালিত কৰা বুলিও তেওঁ অভিযোগ তোলে। আনহাতে, তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে কয় যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংখ্যালঘু আৰু অনুসূচিত জাতি তথা অনুসূচিত জনজাতিকে ধৰি সাধাৰণ জনতাক অৱহেলা কৰিছে। বালুঘাটত এখন জনসভাত ভাষণ দি শ্রীমতী বেনাৰ্জীয়ে কেন্দ্ৰই ৰাজ্যসমূহলৈ উপযুক্ত পুঁজিৰ যোগান নধৰা বুলি অভিযোগ উত্থাপন কৰে। কাটিহাৰত এখন জনসভাত ভাষণ দি বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে অভিযোগ উত্থাপন কৰি কয় যে, কংগ্ৰেছ আৰু আৰ জে ডি নেতৃত্বাধীন মহা মিত্রজোঁটে বিহাৰক পুনৰ জংঘলৰাজৰ যুগলৈ লৈ যাব বিচাৰিছে। তেওঁ কয় যে, একমাত্র এন ডি এ-হে ৰাজ্যখনৰ উন্নয়নৰ হকে কাম কৰিব পাৰে। শ্ৰীশ্বাহে কয় যে, কাকা চাহেব কালেলকাৰ আৰু মণ্ডল আয়োগৰ প্ৰতিবেদনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছে সদায় সমাজৰ পিছপৰা শ্ৰেণীৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিছে। ইপিনে, উত্তৰ প্ৰদেশত ডি এছ পিৰ মুৰব্বী মায়াৱতীয়ে কয় যে, বিজেপিৰ কথা আৰু কামৰ মাজত বৃহৎ পাৰ্থক্য আছে । গাজিয়াবাদ আৰু আমৰোহাত নিৰ্বাচনী ৰেলীক সম্বোধন কৰি তেওঁ কয় যে, নিৰ্বাচনত বিজেপিৰ গেৰেণ্টিসমূহ ফলপ্রসূ নহ’ব। বিজেপিৰ নেতা অনুৰাগ সিং ঠাকুৰে সংবিধান পৰিৱৰ্তনৰ বিষয়টো সন্দৰ্ভত জনসাধাৰণৰ মাজত বিভ্রান্তি বিয়পাইছে বুলি কংগ্ৰেছক জগৰীয়া কৰে। জলন্ধৰত এখন সংবাদমেলত ভাষণ দি তেওঁ কয় যে, ক্ষমতাত থকাৰ সময়ত কংগ্ৰেছে নিজেই ৬২ বাৰ সংবিধানৰ পৰিৱৰ্তন কৰিছিল। আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে কয় যে, কেন্দ্ৰত ক্ষমতালৈ আহিলে আই এন ডি আই এ মিত্রজোঁটে জামিন এটা নিয়ম আৰু কাৰাগাৰ এক ব্যতিক্ৰম বুলি সর্বোচ্চ ন্যায়ালয়ৰ দ্বাৰা আইনী নীতিসমূহ কাৰ্যকৰী কৰাৰ বাবে বিশেষ আইন তৈয়াৰ কৰিব। তিৰুৱনন্তপুৰমত এখন সভাত তেওঁ এই কথা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক