দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত কাইলৈ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত কাইলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৮টা সংসদীয় সমষ্টিত ভোটগ্রহণ কৰা হ’ব। এই সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ ৮টা, হাৰিয়ানাৰ ১০ টা, জম্মু-কাশ্মীৰৰ এটা, ঝাৰখণ্ডৰ ৪টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, উত্তৰ প্ৰদেশৰ ১৪টা আৰু পশ্চিমবংগৰ ৮টা সমষ্টি আছে। এই সমষ্টি কেইটাৰ বাবে মুঠ ৮৮৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ইফালে, যোৱা ২০ মে’ত অনুষ্ঠিত পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ৬২ দশমিক ২ শতাংশ ভোটগ্রহণ হোৱা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। এই পৰ্যায়ত ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯খন আসনৰ বাবে ভোটগ্রহণ কৰা হৈছিল। মুঠ ভোটদানকাৰীৰ ভিতৰত ৬১ দশমিক ৪-৮ শতাংশ পুৰুষ, ৬৩ শতাংশ মহিলা আৰু ২১ দশমিক ৯-৬ শতাংশ তৃতীয় লিংগৰ ভোটদাতা। এই পর্যায়ত পশ্চিম বংগত সর্বাধিক ৭৮ দশমিক ৪-৫ শতাংশ ভোটদান হৈছিল।

অধিক পঢ়ক

সকলো চাওক