লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি, হাৰিয়ানাত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত অহা ২৫ মে’ত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৮ টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। এই সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ ৮টা, হাৰিয়ানাৰ ১০ টা, জম্মু-কাশ্মীৰৰ এটা, ঝাৰখণ্ডৰ ৪টা, দিল্লীৰ ৭টা, ওড়িশাৰ ছটা, উত্তৰ প্ৰদেশৰ ১৪টা আৰু পশ্চিমবংগৰ ৮টা সমষ্টি আছে। এই সমষ্টি কেইটাৰ বাবে মুঠ ৮৮৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পৰহিলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এই পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ’ব।

প্ৰচাৰৰ আজি অন্তিম দিনা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ মহেন্দ্ৰগড়ত এখন নির্বাচনী সভাত ভাষণ দিয়ে। ভাষণত শ্ৰী মোদীয়ে আই এন ডি আই মিত্রজোঁটে ৰাষ্ট্ৰতকৈ নিজৰ পৰিয়ালক অধিক অগ্ৰাধিকাৰ প্ৰদান কৰে বুলি অভিযোগ তোলে। তেওঁ কয় যে, আই এন ডি আই মিত্রজোঁট ইতিমধ্যে প্রথম ৫টা পৰ্যায়তেই নিৰ্বাচনত পৰাজয়বৰণ কৰিছে আৰু নিৰ্বাচন আয়োগৰ তথ্য আৰু ই ভি এমক লৈ প্রশ্ন উত্থাপন কৰাৰ লগতে বিভিন্ন ভিত্তিহীন অভিযোগ উত্থাপন কৰিবলৈ লৈছে। তেওঁ লগতে কংগ্ৰেছে দশক দশক ধৰি এটা পদবী, এটা পেন্সন ব্যৱস্থাৰ পৰা বঞ্চিত কৰি প্ৰাক্তন সৈনিকসকলৰ সৈতে বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ তোলে। বর্তমান চৰকাৰে এটা পদবী, এটা পেন্সন ব্যৱস্থাৰ ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে এক লাখ ২৫ হাজাৰ কোটি টকা ব্যয় কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি একেটা সমষ্টিত এখন নির্বাচনী সভাত ভাষণ দি বিজেপিয়ে অগ্নিবীৰ আঁচনিৰে ভাৰতীয় সেনাক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁ লগতে আই এন ডি আই মিত্রজোঁটে ক্ষমতালৈ আহিলে আঁচনিখন প্ৰত্যাহাৰ কৰিব বুলি মন্তব্য কৰিছিল।

ওড়িশাতো ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা আজি বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ অন্তিম প্ৰয়াস চলায়। ৰাজ্যখনত লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ সমান্তৰালভাৱে বিধানসভাৰ ৪২খন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা যোগী আদিত্যনাথ আৰু বিজেপিৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বিভিন্ন ঠাইত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। তেওঁলোকে সকলো ক্ষেত্ৰত ওড়িশাক পিছুৱাই লৈ যোৱাৰ বাবে বিজেডি নেতৃত্বাধীন নবীন পাটনায়ক চৰকাৰক তীব্র সমালোচনা কৰে আৰু বিজেপিক ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰাৰ সুযোগ প্ৰদান কৰিবলৈ ভোটদাতাসকলক আহ্বান জনায়।

দিল্লীৰ সাতোখন লোকসভা আসনৰ বাবেও প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে আজি পশ্চিম দিল্লী লোকসভা সমষ্টিৰ দ্বাৰকাত এখন নির্বাচনী সভাত ভাষণ দিয়ে। দলীয় প্রার্থীৰ সমৰ্থনত দিয়া ভাষণত তেওঁ কয় যে ভাৰতবৰ্ষই ৰামৰাজ্যৰ উত্থান দেখিবলৈ পোৱাটো নিশ্চিত আৰু ইয়াত কোনেও প্ৰতিহত কৰিব নোৱাৰে। দলৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী পীযূষ গোৱেলেও পশ্চিম দিল্লীৰ নজফগড় এলেকাত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। একেদৰে বিজেপি নেত্রী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে চান্দনী চ’ক সংসদীয় সমষ্টিৰ অশোক বিহাৰ এলেকাত এটা ৰোড শ্ব’ত ভাগ লোৱাৰ বিপৰীতে দলটোৰ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই উত্তৰ-পশ্চিম দিল্লীৰ সংসদীয় সমষ্টিৰ ৰোহিণী এলেকাত ৰোড শ্ব’ত অংশগ্ৰহণ কৰে।

ইপিনে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি উত্তৰ-পূব দিল্লীৰ সংসদীয় সমষ্টিৰ দিলশ্বাদ গার্ডেন এলেকাৰ এখন নির্বাচনী সভাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ বিজেপি নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰি কয় যে এই চৰকাৰখনে দৰিদ্ৰতা আৰু অসমতাক দীর্ঘস্থায়ী কৰিবলৈ বিচাৰিছে। চৰকাৰখনে সৰ্বসাধাৰণৰ বাবে নহয়, বৰঞ্চ নির্দিষ্ট একাংশ বৃহৎ ব্যৱসায়ীৰ হৈহে কাম কৰা বুলি তেওঁ অভিযোগ কৰে। নিবনুৱা সমস্যাৰ বাবে দেশৰ যুৱ সম্প্ৰদায় বেয়া ধৰণে ক্ষতিগ্ৰস্ত হৈছে বুলিও নেতাগৰাকীয়ে দাবী কৰে। একেদৰে আম আদমী পাৰ্টীৰ শীৰ্ষ নেতাসকলেও দলীয় প্ৰাৰ্থীৰ হকে ৰোড শ্ব’কে ধৰি বিভিন্ন ধৰণে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক