ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণক লৈ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে ঠায়ে ঠায়ে প্ৰচাৰ সভা অনুষ্ঠিত কৰি জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ গুৱাহাটীৰ বিভিন্ন স্থানত প্ৰচাৰ চলাব। ইপিনে আজি ডা০ ৰণোজ পেগুৱে গুৱাহাটীৰ ভঙাগড়ত বিজয় সংকল্প সমাবেশত অংশ ল’ব। ইপিনে কালি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে ফাঁচী বজাৰত নিৰ্বাচনী প্ৰচাৰ চলায়। আনহাতে ৰাইজৰ দলৰ নেতা অখিল গগৈয়েও কালি গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও কালি পলাশবাৰীত কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ অভিযান চলায়। কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে কালি ধুবুৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলায়। তেওঁ জনসভাত অংশগ্ৰহণ কৰি মহিলাসকলক প্ৰতিবছৰে ১ লাখ টকা, চৰকাৰী চাকৰিত ৫০ শতাংশ সংৰক্ষণ, ৪০০ টকালৈ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ উপৰি কোঁচ-ৰাজবংশীসকলক অনুসূচিত জনজাতিৰ মর্যাদা প্ৰদান কৰাটো কংগ্ৰেছে বিচাৰে বুলি তেওঁ কয় । আনহাতে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কালি গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বিজুলী কলিতা মেধিৰ হৈ হাজোৰ কুলহাটীত আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ নিকাচিত বিজেপি সমর্থিত প্রার্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। একেগৰাকী প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাৰাপেটা, লাবদাংগুৰিত অনুষ্ঠিত নির্বাচনী সভাতো তেওঁ অংশ লয়। একেটা সমষ্টিতে কালি বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বৰপেটাৰ সৰভোগত বিজেপি নেতা তথা মন্ত্রী জয়ন্ত মল্লবৰুৱাই মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। অগপ নেতা তথা মন্ত্রী অতুল বৰা আৰু কেশৱ মহন্তই জিলাখনৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ খণ্ডকাৰপাৰা আৰু ভক্তৰবাত আয়োজিত নির্বাচনী সভাত অংশ লয়। তেওঁলোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ নেতা ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলায়। আনহাতে ধুবুৰী সমষ্টিৰ এ আই ইউ ডি এফ প্রার্থী বদৰুদ্দিন আজমলে বিলাসীপাৰাত প্ৰচাৰ চলায়। বিধায়ক ছামছুল হুদা, কৰিমুদ্দিন বৰভূঞা আৰু আমিনুল ইছলামে এই নির্বাচনী সভাত অংশ লয়। একেদৰে বিপিএফ প্রধান হাগ্রামা মহিলাৰীয়ে বৰপেটাৰ হাউলিত কোকৰাঝাৰ সমষ্টিৰ বিপিএফ প্রার্থী খাম্ফা বৰ্গয়াৰীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়াই এখন প্ৰেছ বিজ্ঞপ্তিযোগে মুখ্যমন্ত্ৰীৰ ভুৱা প্ৰতিশ্ৰুতিত ভোল নাযাবলৈ ৰাজ্যৰ সংখ্যালঘু লোকসকললৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে অহা ৭ মে’ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্রহণ কৰা হ’ব। পূর্বে এইটো পৰ্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীজন বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি ঘটোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিৰ সংখ্যা ৯৩ লৈ হ্ৰাস পায় । এইটো পৰ্যায়ত গুজৰাটৰ ২৫টা, কৰ্ণাটকৰ ১৪টা, মহাৰাষ্ট্ৰ ১১টা আৰু উত্তৰ প্ৰদেশৰ ১০টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। একেদৰে মধ্যপ্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসম আৰু পশ্চিমবংগ উভয়ৰে ৪টাকৈ আৰু গোৱা, দাদ্ৰা আৰু নগৰ হাৱেলী আৰু দমন আৰু ডিউৰ দুটাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পর্যায়তে নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক