ডাউনলোড
মোবাইল এপ

android apple
signal

August 5, 2024 12:21 PM | Loka kalyan divas

printer

ৰাজ্যজুৰি আজি লোক কল্যাণ দিৱস পালন

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৪ সংখ্যক মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস পালন কৰা হৈছে । এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্রীয় কার্যসূচীত ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা ১৮ গৰাকী প্ৰশাসনিক বিষয়াক আজি মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে, এইবাৰ এই বঁটাৰ বাবে ৫২খন আবেদন লাভ কৰা হৈছিল যদিও ইয়াৰ ভিতৰত ছটা বিভাগৰ সেৱাকহে বঁটাৰ বাবে বাছনি কৰা হয় । চৰকাৰী বিভিন্ন বিভাগসমূহৰ কাৰ্যকলাপ, উদ্ভাৱনী প্রয়াস, বহন ক্ষমতা, প্ৰশাসনৰ ক্ষেত্ৰত দক্ষতাৰ উন্নয়ন তথা কার্যকৰিতা আদি কাৰকসমূহৰ ওপৰত ভিত্তি কৰি এই ছটা বিভাগক বঁটাৰ বাবে বাছনি কৰা হয়। মিছন বসুন্ধৰা, জলজীৱন মিছনৰ অধীনৰ জলদূত কার্যসূচী, মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে সমৰ্থ নামভর্তি পোর্টেল, ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈডামৰ অন্তৰ্ভুক্তিকৰণৰ সৈতে জড়িত কার্যকলাপ, নগাঁৱৰ মুকুতা খেতি, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা লাইকা বন গাঁৱক নামফাই সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ভূমিত পুনৰসংস্থাপন কাৰ্যত জড়িত একাংশ চৰকাৰী বিষয়ালৈ এই বঁটা আগবঢ়োৱা হৈছে। মিছন বসুন্ধৰাৰ বাবে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব তথা অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্রিপাঠী, ভূমি নথি বিভাগৰ সঞ্চালক শান্তনু পি গোটমাৰে, ভূমি নথি বিভাগৰ অতিৰিক্ত সঞ্চালক নৱজিৎ পাঠকলৈ এই বঁটা আগবঢ়োৱা হৈছে। জলদূত কাৰ্যসূচীৰ বাবে জল জীৱন মিছনৰ পৰিচালন সঞ্চালক কৈলাশ কাৰ্তিক এন আৰু জল জীৱন মিছনৰ মিছন সঞ্চালক অৰ্ণৱ কুমাৰ বৰুৱাক এই বঁটা প্ৰদান কৰা হ’ব। একেদৰে সমৰ্থ পোৰ্টেলৰ বাবে উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, বিভাগটোৰ সঞ্চালক পমী বৰুৱা আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ বিশেষ দায়িত্ববাহী বিষয়া প্রাঞ্জল প্রতীম বৰুৱালৈ এই বঁটা আগবঢ়োৱা হৈছে। চৰাইদেউ মৈদাম ক্ষেত্ৰৰ বাবে প্ৰত্নতত্ব বিভাগৰ সঞ্চালক দীপিৰেখা কৌলী, উপ-সঞ্চালকদ্বয় নৱজিৎ‍ দেউৰী আৰু ছাবিনা হাছানক এই বঁটা প্ৰদান কৰা হ’ব। মুকুতা খেতিৰ বাবে নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, সমবায় সমিতিৰ উপ-পঞ্জীয়ক বিশ্বজিৎ চক্ৰৱৰ্ত্তী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা কাৰ্যসূচী বিষয়া শংখ প্ৰৱাল শান্দিল্যক এই বঁটা প্ৰদান কৰা হ’ব। লাইকা বনাঞ্চলৰ লোকক পুনৰসংস্থাপনৰ ক্ষেত্ৰত তিনিচুকীয়াৰ জিলা আয়ুক্ত সপ্নীল পল, ডিগবৈৰ মাণ্ডলিক বন বিষয়া পি চি ৰঞ্জিত ৰাম আৰু জিলাখনৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপক এই বঁটা প্ৰদান কৰা হ’ব । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলগীয়া লোক কল্যাণ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীতে আজি ১০ গৰাকী অৰাজপত্ৰিত বিষয়ালৈ ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা বঁটা আৰু ৩৭ গৰাকী অৰাজপত্ৰিত বিষয়ালৈ জিলা পৰ্যায়ৰ লোকসেৱা বঁটা আগবঢ়োৱা হ’ব। উল্লেখযোগ্য যে লোকসেৱা পুৰস্কাৰ প্ৰাপক প্ৰত্যেকগৰাকী অৰাজপত্রিত বিষয়াৰ চাকৰি কাল এবছৰকৈ বৃদ্ধি কৰাৰ লগতে তেওঁলোকক একোখনকৈ প্ৰমাণপত্ৰসহ ২৫ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক