দেশৰ অন্যান্য ঠাইৰ লগতে আজি ৰাজ্যৰ বিভিন্ন জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে লোক আদালত অনুষ্ঠিত হয়। মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণ আৰু জিলা ন্যায়পালিকাৰ সহযোগত আজি জিলাখনৰ কেইবাখনো আদালতত লোক আদালত কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত, মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত আৰু কাৰ্যবাহী দণ্ডধীশৰ আদালতত এই লোক আদালত অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ দ্বাৰা নিষ্পত্তিৰ বাবে মুঠ এহেজাৰ ৮০ টা গোচৰ ধাৰ্য কৰা হৈছিল যদিও ৩৯৯ টা নিষ্পত্তি কৰা হয়। ইয়াৰ দ্বাৰা ১৮ লাখ ৭১ হাজাৰ ৫৯৮ টকা আহৰণ কৰা হয়। এই লোক আদালতত জিলা আৰু সত্র ন্যায়াধীশ, জিলা মুখ্য ন্যায়াধীশ, মহকুমা ন্যায়িক দণ্ডাধীশ আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়ববীয়া উপস্থিত থাকে। এই আদালতত ফৌজদাৰী আপোচযোগ্য গোচৰ, মটৰ দুৰ্ঘটনা, যান- বাহন সম্পৰ্কীয় গোচৰ আৰু দেৱানী গোচৰো নিষ্পত্তি কৰা হয়। দক্ষিণ শালমাৰা মানকাছৰ জিলাত আজিৰে পৰা জিলা আইন সেৱা প্ৰাধীকাৰীৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হৈছে। ফেকামাৰীত থকা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত আয়োজিত এই আদালতত বিভিন্ন দেৱানি বিবাদ, অসামৰিক বিবাদৰ গোচৰ, পাৰিবাৰিক সমস্যাৰ লগতে বিভিন্ন গোচৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় ৭ হাজাৰ গোচৰ নিষ্পত্তিৰ বাবে লোৱা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত আজি লোক আদালতৰ জৰিয়তে এহেজাৰ ৬৩৩ টা গোচৰ নিষ্পত্তি কৰা হয়। ইয়াৰ ভিতৰত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এহেজাৰ ৩১১ টা গোচৰ নিষ্পত্তি কৰা হৈছে। আনহাতে, এইবাৰ এই আদালতৰ জৰিয়তে জিলাখনত ২ কোটি ৩০ লাখ ৬৩ হাজাৰৰো অধিক টকা সংগ্ৰহ কৰা হৈছে। কোকৰাঝাৰ জিলাতো লোক আদালত অনুষ্ঠিত হয়। এই আদালতত বিভিন্ন নিষ্পত্তি নোহোৱা গোচৰ মীমাংশা কৰা হয় ৷
Site Admin | September 14, 2024 8:14 PM | Loka adalat