লখিমপুৰ জিলাৰ ন্যায়িক আদালত চৌহদ আৰু ঢকুৱাখনা মহকুমা ন্যায়িক আদালত চৌহদত অহা ১৪ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ‘ব। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধীনকৰণ নিৰ্দেশনাত এই লোক আদালতৰ আয়োজন কৰা হৈছে। জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত আয়োজিত এই লোক আদালতত ভূমি অধিগ্ৰহণ গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ, বিদ্যুৎ, পানীৰ মাচুল, মটৰ দুৰ্ঘটনাৰ দাবীৰ গোচৰ, গ্ৰাহক পৰিক্ৰমা গোচৰকে ধৰি বিভিন্ন গোচৰৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। এই লোক আদালতত গোচৰ নিষ্পত্তিৰ বাবে জনসাধাৰণক লখিমপুৰ জিলা আইন সেৱা প্ৰাধীকাৰীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। একেদৰে কৰিমগঞ্জ জিলাতো অহা ১৪ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। জিলা আদালত আৰু মুখ্য ন্যায়াধীশ আদালতৰ চৌহদত এই লোক আদালত অনুষ্ঠিত হ‘ব। জিলাখনৰ বিভিন্ন আদালতত বিচাৰাধীন হৈ থকা দেৱানী আৰু অপৰাধমূলক গোচৰসমূহ এই লোক আদালতৰ জৰিয়তে নিষ্পত্তি কৰা হ‘ব ।
Site Admin | September 2, 2024 6:28 PM | Loka adalat