ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনৰ ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে দুয়োখন সদনত আলোচনা

সংসদৰ দুয়োখন সদনে আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনাত মিলিত হয়। লোকসভাত বিজেপি সাংসদ অনুৰাগ সিং ঠাকুৰে অংশগ্ৰহণ কৰি বিগত ১০ বছৰত জনসাধাৰণৰ কল্যাণ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। তেওঁ কয় যে ২৫ কোটি জনসাধাৰণক দৰিদ্ৰতাৰ পৰা উত্থান কৰা হৈছে আৰু চৰকাৰে ৮০ কোটি লোকক প্ৰধানমন্ত্ৰী গৰীৰ কল্যাণ যোজনাৰ অধীনত বিনামূলীয়া খাদ্য-শস্যৰ যোগান ধৰিছে। পূৰ্বৰ ইউ পি এ চৰকাৰৰ বিষয়ে উল্লেখ কৰি শ্রীঠাকুৰে কয় যে তেওঁলোক ক্ষমতাত থকাৰ সময়ৰ অৰ্থনীতিৰ তুলনাত দেশখন এতিয়া পঞ্চম বৃহত্তম অর্থনীতিলৈ ৰূপান্তৰিত হৈছে আৰু অতি সোনকালে তৃতীয় বৃহত্তম অর্থনীতিলৈ পৰিণত হ’ব। ইয়াৰ উপৰি তেওঁ ইউ পি এ চৰকাৰৰ কেলেংকাৰী, পুঁজিবাদ আদিৰ বিৰুদ্ধেও অভিযোগ তোলে। ইয়াৰ পূৰ্বে সদনৰ আলোচনাত অংশগ্ৰহণ কৰি বিৰোধী দলপতি ৰাহুল গান্ধীয়ে NEET পৰীক্ষা, অগ্নিবীৰ আঁচনি, অশান্ত মণিপুৰ, বিমুদ্ৰাকৰণ, মুদ্রাস্ফিতীৰ হাৰ বৃদ্ধি, কৃষকৰ সমস্যা আদিৰ লগতে অন্যান্য অনিয়মৰ অভিযোগ উত্থাপন কৰে। তেওঁ অভিযোগ তুলি কয় যে NEET পৰীক্ষা দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে নহয় অর্থনৈতিকভাৱে সবল শ্ৰেণীৰ লোকসকলৰ অনুকূলেহে গঢ়ি তোলা হৈছে। তেওঁ কয় যে, NEET পৰীক্ষাৰ অনিয়মৰ বিষয়টোৰ ওপৰত বিৰোধী পক্ষই সদনত সম্পূর্ণ এটা দিন আলোচনা হোৱাতো বিচাৰে। ভাষণৰ সময়ত ৰাহুল গান্ধীয়ে হিন্দু সম্প্রদায়ক লৈ এটা মন্তব্য কৰে যাৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে আপত্তি কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, সমগ্র হিন্দু সম্প্রদায়ক হিংসাত্মক আখ্যা দিয়াটো এটা অতি গুৰুতৰ অভিযোগ। গৃহমন্ত্ৰীগৰাকীয়ে সেই আপত্তিজনক মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ পৰা ক্ষমা বিচাৰি সদনত দাবী উত্থাপন কৰে। এই সন্দৰ্ভত অধ্যক্ষ ওম বিৰলাই কয় যে, সদস্যসকলে ভাষণ দিওঁতে সদনৰ পৱিত্ৰতা বজাই ৰখা উচিত। অগ্নিবীৰ আঁচনিৰ ওপৰত ভাষণ দি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰে যে, অগ্নিবীৰে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱালে শ্বহীদৰ মৰ্যাদা নাপায়। ইয়াৰ বিৰুদ্ধে আপত্তি জনাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, ৰাহুল গান্ধীয়ে সদনক বিপথে পৰিচালিত কৰিছে আৰু দাবী কৰে যে কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া অগ্নিবীৰৰ পৰিয়ালক চৰকাৰে এক কোটি টকাৰ সাহায্য প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীৰ মন্তব্যক আপত্তি কৰি কয় যে, সদনৰ সন্মুখত প্ৰামাণিক তথ্যহে উত্থাপন কৰিব লাগে আৰু লগতে তেওঁ ৰাহুল গান্ধীক ক্ষমা খুজিবলৈ দাবী জনায়। বিৰোধী দলপতিগৰাকীয়ে ন্যূনতম সমৰ্থন মূল্যৰ বিষয়টো সদনত উত্থাপন কৰে আৰু কয় যে, কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য লাভ কৰা নাই। ইয়াৰ বিৰুদ্ধে আপত্তি জনাই কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে কয় যে, চৰকাৰে ৫০ শতাংশ উৎপাদন ব্যয় খাদ্য শস্যৰ ওপৰত এম এছ পি প্ৰদান কৰিছে। কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী তথা জে ডি ইউ নেতা ৰাজীৱ ৰঞ্জন সিঙে বিৰোধী দলপতি ৰাহুল গান্ধীক লক্ষ্য কৰি কয় যে, লোকসভাত তেওঁৰ আজি ভাষণ, নির্বাচনী প্ৰচাৰৰ ভাষণৰ সৈতে মিল আছে। কংগ্ৰেছে তেওঁলোকৰ কাৰ্যকালত সংবিধানক ভেঙুচালি কৰা বুলিও সমালোচনা কৰে। তেওঁ আৰু কয় যে, জনসাধাৰণে কংগ্ৰেছক প্ৰত্যাখ্যান কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ ওপৰত বিশ্বাস ৰাখিছে। ইয়াৰ পূৰ্বে বিজেপি সাংসদ বাঞ্চুৰী স্বৰাজে কয় যে, কৃষকৰ কল্যাণ আৰু মহিলা সৱলীকৰণক চৰকাৰে অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে, পি এম কিষাণ আঁচনিৰ অধীনত এতিয়ালৈকে কৃষকসকলক ৩ লাখ কোটিৰো অধিক ধন প্ৰদান কৰা হৈছে আৰু খাদ্য শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি কৰি কৃষকসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে। তেওঁ আৰু কয় যে, খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ বাবে ৮১ কোটি দৰিদ্ৰ লোকক প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত বিনামূলীয়াকৈ খাদ্য শস্য প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে নীট বিষয়ক লৈ বিৰোধী পক্ষই সদন ত্যাগ কৰে।

ৰাজ্যসভাত আজি পুৱা অধ্যক্ষ জগদীপ ধনখড়ে বিৰোধী সদস্যসকলে উত্থাপন কৰা স্থগিতকৰণৰ জাননীৰ অনুমতি নাকচ কৰে। পাছত সংসদে সদনৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত আলোচনা আৰম্ভ কৰে। আলোচনাত অংশগ্ৰহণ কৰি বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গেই কয় যে, ৰাষ্ট্ৰপতিৰ ভাষণত দূৰদৰ্শিতা আৰু ভৱিষ্যৎ লক্ষ্যৰ অভাৱ দেখা গৈছে। তেওঁ অভিযোগ উত্থাপন কৰি কয় যে, দৰিদ্ৰ, পিছপৰা শ্ৰেণী আৰু সংখ্যালঘুসকলৰ উন্নয়নৰ বাবে একো হোৱা নাই। শ্রীখাৰ্গেই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা, ৰেল দুৰ্ঘটনা, জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণ আদি বিষয়ো সদনত উত্থাপন কৰে। তেওঁ সংসদ ভৱন চৌহদত মহাত্মা গান্ধী, ড° বি আৰ আম্বেদকাৰ আৰু ছত্রপতি শিবাজীৰ প্ৰতিমূৰ্তি এটা স্থানৰ পৰা আন এটা স্থানলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তক লৈও প্ৰশ্ন উত্থাপন কৰে। অধ্যক্ষই শ্ৰী খাৰ্গেৰ মন্তব্যক নাকচ কৰি কয় যে সমালোচনাৰ স্বাৰ্থত সমালোচনা কৰাটো সঠিক নহয়। শ্ৰীখাৰ্গেই তেওঁৰ ভাষণত ৰেল বিভাগত খালী হৈ থকা ৩ লাখৰো অধিক খালী পদ শীঘ্ৰেই পূৰণ কৰিব লাগে বুলি উল্লেখ কৰে। প্ৰত্যুত্তৰত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে যোৱা ১০ বছৰত ৫ লাখৰো অধিক লোকে ৰেল বিভাগত চাকৰি পাইছে আৰু যিটো পূৰ্বৰ ইউ পি এ চৰকাৰৰ তুলনাত বহু বেছি। আলোচনাত অংশগ্রহণ কৰি টি এম চিৰ সাংসদ জোৱাহৰ ছিৰকাৰে অভিযোগ তোলে যে, কেন্দ্রীয় আঁচনিৰ বাবে ব্যৱহাৰ কৰিবলৈ পশ্চিমবংগৰ এক লাখ ২৩ হাজাৰ কোটি টকা বন্ধ কৰি দিছে। ৱাই এছ আৰ কংগ্ৰেছৰ সদস্য মেদা ৰঘূনাধা ৰেড্ডীয়ে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত দেশৰ আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা বৃদ্ধি পাইছে। আপৰ নেতা সঞ্জয় সিঙে অভিযোগ উত্থাপন কৰি কয় যে, বিৰোধী নেতাসকলক প্রমাণ অবিহনে জেললৈ প্ৰেৰণ কৰা হৈছে। নীট পৰীক্ষাৰ অনিয়মৰ সন্দৰ্ভত তেওঁ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক বিলুপ্তিকৰণৰ দাবী জনায় আৰু সংস্থাটোৰ সকলো বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিব লাগে বুলিও কয়। লোকসভা নিৰ্বাচনৰ ফলাফলৰ কথা উল্লেখ কৰি ডি এম কেৰ সাংসদ তিৰুচি শিৱাই কয় যে, জনসাধাৰণে বিজেপিক এটা বাৰ্তা দিছে। তেওঁ দাবী কৰে যে, জনসাধাৰণৰ বিজেপিৰ ওপৰত আস্থা হেৰাইছে। চি পি আইৰ নেতা বিনয় বিশ্বমেও নীট পৰীক্ষাৰ অনিয়মৰ বিষয়টো উত্থাপন কৰে। ইয়াৰ পূৰ্বে দুয়োখন সদনতে বাৰবাডোছত অনুষ্ঠিত টি-২০ বিশ্বকাপত জয়ী ভাৰতীয় পুৰুষ ক্রিকেট দলটোক অভিনন্দন জনায়।

অধিক পঢ়ক

সকলো চাওক