ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভাত দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু গৃহীতকৰণৰ সিদ্ধান্ত

লোকসভাই দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু গৃহীত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিধেয়কখনে দুর্যোগ ব্যৱস্থাপনা আইন ২০০৫ সংশোধন কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষক শক্তিশালী কৰিছে। এই সংশোধিত বিধেয়কখনে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত দুৰ্যোগ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে। ৰাজ্য চৰকাৰসমূহক বিধেয়কখনে ৰাজধানী আৰু মহানগৰসমূহত পৌৰ নিগম পৰ্যায়ত পৃথক নগৰীয়া দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ গঠন কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে। এই বিধেয়কখনে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত দুৰ্যোগ তথ্যকোষ সৃষ্টিৰ ব্যৱস্থা কৰিব। ইয়াৰ লগতে ৰাজ্য চৰকাৰসমূহক ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী গঠন কৰাৰ ক্ষমতা প্ৰদান কৰিব। বিধেয়কখন উত্থাপন কৰি গৃহ পৰিক্ৰমা ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে কয়, যে চৰকাৰে দুৰ্যোগ ব্যৱস্থা নীতি উন্নত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে আৰু প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ বাবে এটা শক্তিশালী পৰিবেশ তন্ত্ৰ গঢ়ি তুলিছে।

অধিক পঢ়ক

সকলো চাওক