ডাউনলোড
মোবাইল এপ

android apple
signal

মহাত্মা গান্ধী, ছত্রপতি শিৱাজী মহাৰাজ আৰু ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানৰ পৰা স্থানান্তৰিত কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক সমালোচনা কংগ্ৰেছৰ

কংগ্ৰেছে মহাত্মা গান্ধী, ছত্রপতি শিৱাজী মহাৰাজ আৰু ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ দলৰ নেতা পৱন খেৰাই কয় যে দেশবাসীয়ে এই মহান নেতাকেইগৰাকীৰ প্ৰতিমূৰ্তি স্থানান্তৰিত কৰাৰ আঁৰৰ প্ৰকৃত অভিপ্ৰায় জানিব খুজিছে। তেওঁ কয় যে চৰকাৰে এই বিষয়ে সংসদৰ ভিতৰত আৰু বাহিৰত উত্তৰ দিব লাগিব। অৱশ্যে লোকসভা সচিবালয়ে মহান নেতাকেইগৰাকীৰ প্ৰতিমূৰ্তি স্থানান্তৰিত কৰাৰ অভিযোগ খণ্ডন কৰি কৈছে যে এই প্রতিমূর্তিসমূহ সংসদ ভৱন চৌহদৰ পৰা আঁতৰ কৰা হোৱা নাই। সচিবালয়ে কৈছে যে নেতা কেইগৰাকীৰ প্ৰতিমূৰ্তিসমূহ সুপৰিকল্পিত ভাৱে আৰু সন্মানসহকাৰে সংসদ ভৱন চৌহদৰ ভিতৰত স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখযোগ্য যে,  সচিবালয়ে সংসদ ভৱনৰ চৌহদত প্ৰেৰণা স্থল বিকশাই তুলিছে য’ত দেশৰ মহান নেতা আৰু মুক্তি যুঁজাৰুসকলৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। পূৰ্বে এই প্ৰতিমূৰ্তিসমূহ চৌহদৰ বিভিন্ন স্থানত আছিল। সচিবালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই প্ৰেৰণা স্থল এনেদৰে বিকশাই তোলা হৈছে যাতে সংসদ ভৱন চৌহদলৈ অহা দর্শকসকলে এই মহান নেতাসকলৰ প্ৰতিমূৰ্তি সহজে দেখা পায় আৰু তেওঁলোকৰ জীৱন আৰু দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হ’ব পাৰে। সচিবালয়ে জনোৱা মতে, চৌহদৰ বিভিন্ন স্থানত থকা বাবে দৰ্শকসকলে প্রতিমূর্তিসমূহ চোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছিল। প্ৰেৰণা স্থলত আধুনিক প্ৰযুক্তিৰ জৰিয়তে এই মহান নেতা আৰু মুক্তিযুঁজাৰুসকলৰ জীৱন আৰু অৱদানৰ বিষয়ে তথ্য আগবঢ়োৱাৰো ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক