লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ সদস্যসকলক সংবিধান সভাৰ বিতৰ্ক আৰু আলোচনা সমূহৰ পৰা প্ৰেৰণা লৈ সদনৰ মৰ্যাদা বজাই ৰাখিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰীবিৰলাই সাংসদসকলে ইতিবাচক আৰু গঠনমূলক আলোচনাত অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে, সংৰক্ষণৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীবিৰলাই কয়, যে ৰাজনৈতিক দলসমূহে এই ক্ষেত্ৰত অভিযোগ-প্রতিঅভিযোগ তোলে যদিও কোনো চৰকাৰে কেতিয়াও সংৰক্ষণৰ ক্ষেত্ৰত ভেদ-ভাব কৰাৰ চেষ্টা কৰা নাই। তেওঁ উল্লেখ কৰে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় সমাজৰ পিছপৰা আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ এতিয়াও প্রয়োজন বুলি দৃঢ়তাৰে কৈ আহিছে। কাইলৈ হ’বলগীয়া সংবিধান দিৱসৰ পূৰ্বে শ্ৰীবিৰলাই, সংবিধান ভাবুকিৰ সন্মুখীন হৈছে বুলি কিছু সংখ্যকে কৰা দাবী খাৰিজ কৰে। তেওঁ কয়, যে সংবিধান দেশৰ জনসাধাৰণৰ বাবে আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰে ইয়াৰ ওপৰত আস্থা আছে। তেওঁ লগতে সংবিধানক ৰাজনীতিৰ সংকীৰ্ণ দৃষ্টিৰে চোৱাটো অনুচিত বুলিও মন্তব্য কৰে।
সংসদৰ সদস্যসকলক সংবিধান সভাৰ বিতৰ্ক আৰু আলোচনাৰ পৰা প্ৰেৰণা লৈ সদনৰ মৰ্যাদা বজাই ৰাখিবলৈ ওম বিৰলাৰ আহ্বান
