লোকসভাত কালি কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ চৰণজিৎ সিং চন্নীয়ে এইবাৰৰ বাজেটে জনসাধাৰণক নিৰাশ কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে, বাজেটত বান প্রভাবিত পাঞ্জাবৰ জনসাধাৰণৰ বাবে একোৱেই নাই। তেওঁ লগতে চৰকাৰ ৰক্ষা কৰাই এইবাৰৰ বাজেটত অভিপ্ৰায় বুলি মন্তব্য কৰে।
বাজেট সম্পর্কে উত্থাপন কৰা বৈষম্যৰ অভিযোগ খণ্ডন কৰি এন চি পিৰ সুনীল তটকৰেই কয় যে, মহাৰাষ্ট্ৰত এন ডি এৰ শাসনকালত সৰ্বাধিক উন্নয়ন হৈছে।
তৃণমূল কংগ্ৰেছৰ সৌগত ৰয়ে আলোচনাত অংশ লৈ এইবাৰৰ বাজেটখনক শেহতীয়া সময়ৰ আটাইতকৈ বিভাজনমুখী বাজেট বুলি অভিহিত কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগ চৰকাৰ বকেয়া ধন বন্ধ কৰাৰ বিষয়ো উত্থাপন কৰে ।
বিজেপিৰ বৈজয়ন্ত পাণ্ডাই এইবাৰৰ বাজেটখনক ঐতিহাসিক আখ্যা দিয়ে। তেওঁ কয় যে, ৰাষ্ট্ৰক আগুৱাই নিয়াৰ বাবে প্ৰয়োজনীয় সংস্কাৰৰ দিশৰ পৰা এইবাৰৰ বাজেটখন পৰিসৰ ব্যাপক আৰু গভীৰ। কংগ্ৰেছৰ হিবি এডেনে আলোচনাত ভাগ লৈ এইবাৰৰ বাজেটে দেশৰ যুৱ প্ৰজন্মক কর্মসংস্থাপনৰ সুযোগৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ তোলে। বাজেটত এম জি এনৰেগাৰ ধন বৃদ্ধি কৰা হোৱা নাই বুলিও সাংসদগৰাকীয়ে দাবী কৰে। আলোচনাত জে ডি ইউৰ আলোক কুমাৰ সুমন, টিডিপিৰ বস্তিপতী নাগাৰাজু, সমাজবাদী পাৰ্টিৰ ৰাজীৱ ৰায়, শিৱসেনা ইউ বি টিৰ অৰবিন্দ সাৱন্ত, এল জে পিৰ অৰুণ ভাৰতী, শিৱসেনাৰ ধৈর্যশীল মানে, আপৰ মালৱিন্দৰ সিং কাং, আৰ জে ডিৰ সুধাকৰ সিঙ, নেচনেল কনফাৰেন্সৰ মিয়া আলটাফ আহমেদ, চি পি আই এম এলৰ ৰাজা ৰাম সিং, ডি এম কেৰ চি এন আন্নডুৰাই, আৰ এল ডিৰ চন্দন চৌহান আৰু জে ডি এছৰ এম মল্লেছ বাবুৱেও অংশগ্ৰহণ কৰে। ইয়াৰ পাছত লোকসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়।