April 20, 2024 12:37 PM | Lok Sabha polls

printer

প্ৰথম পৰ্যায়ৰ লোকসভা নির্বাচনত ২১খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিত ৬৮ শতাংশৰো অধিক ভোটদান

প্ৰথম পৰ্যায়ৰ লোকসভা নির্বাচন কালি দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূর্ণভাৱে সম্পন্ন হয়। ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিক সামৰি হোৱা এই পৰ্যায়ৰ নিৰ্বাচনত সামগ্ৰিকভাৱে ৬৮ শতাংশৰো অধিক ভোটদান হয়। শেহতীয়া তথ্য অনুসৰি অসমত ৭৫.৯৫, মণিপুৰত ৭২.১৭, ছিকিমত ৮০.০৩ বিহাৰত ৪৮.৮৮, ছত্তিশগড়ত ৬৭.৫৬, উত্তৰ প্রদেশত ৬০. ২৫, মহাৰাষ্ট্ৰত ৬১.৮৮, ৰাজস্থানত ৫৭.২৫, অৰুণাচল প্ৰদেশত ৭২.৭৪, মেঘালয়ত ৭৪.৫০, মিজোৰামত ৫৬.৬০, নাগালেণ্ডত ৫৬.৯১, ত্ৰিপুৰাত ৮১.৬২ আৰু পশ্চিম বংগত ৮০.৫৫ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। প্ৰথম পৰ্যায়ত মুঠ ভোটদাতাৰ সংখ্যা ১৬ কোটি ৬৩ লাখ। ইয়াৰে ভিতৰত ৪ কোটি ৪০ লাখ পুৰুষ, ৮ কোটি ২৩ লাখ মহিলা আৰু ১১ হাজাৰ তৃতীয় লিংগৰ ভোটাৰ আছে। এই পৰ্যায়ত ভোটদান কৰা নতুন ভোটদাতা প্রায় ৩৬ লাখ আছে বুলি জানিব পৰা গৈছে। এই পৰ্যায়ত মুঠ এহেজাৰ ৬২৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্রথম পৰ্যায়ত নির্বাচনী যুঁজত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নীতিন গাড়কাৰী, কিৰেণ ৰিজিজু, ডা০ জিতেন্দ্র সিং, সঞ্জীৱ বালিয়ান, কংগ্ৰেছ নেতা গৌৰৱ গগৈ, কার্তি চিদাম্বৰম, নকুল নাথ, ডি এম কেৰ দয়ানিধি মাৰাণ, বিজেপি নেতা তামিলছাই সৌন্দৰ ৰাজন আৰু জিতিন প্ৰসাদ অন্যতম। লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণো সম্পন্ন হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি অৰুণাচল প্রদেশ বিধানসভা নিৰ্বাচনত ৭৬ দশমিক ৪-৪ আৰু ছিকিমত ৭৯ দশমিক ৮-৬ শতাংশ ভোটদান হৈছে। নির্বাচন আয়োগে ভোটদাতা আৰু নিৰ্বাচনী প্রক্ৰিয়াৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনাইছে। ছত্তিশগড়ৰ বাষ্টাৰৰ ৫৬ খন গাঁও আৰু গ্রেট নিকোবৰৰ ছোম্পেন জনজাতিৰ লোকসকলে এইবেলি প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰে। ছোম্পেন জনজাতি গ্রেট নিকোবৰ দ্বীপৰ অভ্যন্তৰীণ অংশত বাস কৰা এটা জনজাতি। এই লোকসকলক বিশেষভাৱে দুর্বল জনজাতি গোট বুলি চিনাক্ত কৰা হৈছে। প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ লাভ কৰা ভালেসংখ্যক যুৱক-যুৱতীয়েও উৎসাহেৰে ভোটদান কৰে।

অধিক পঢ়ক

সকলো চাওক