♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ’ব। এই পৰ্যায়ত ৭খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ তখন আৰু কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৪ মে’। ১ জুনত সপ্তম পৰ্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব।