লোকসভাত কালি Immigration আৰু বিদেশী বিধেয়ক, ২০২৫ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে Immigration নীতিৰ আধুনিকীকৰণ কৰিব বিচৰা হৈছে আৰু বিধেয়কখনত পাৰপত্ৰ, ভ্ৰমণনথী, ভিছা আৰু পঞ্জীয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক কিছুমান বিশেষ ক্ষমতা প্ৰদানৰ ব্যৱস্থা আছে। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, যে ৰাষ্ট্ৰীয় সুৰক্ষা সুদৃঢ় কৰা, ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ বাবে গোলকীয় মান সুনিশ্চিত কৰা আৰু গৱেষণা তথা উন্নয়নৰ বাবে ভেঁটি গঢ়ি তোলাৰ দিশৰ পৰা বিধেয়কখন গুৰুত্বপূৰ্ণ। ভাৰত এখন ভূ-ৰাজনৈতিক নহয়, ভূ-সাংস্কৃতিক দেশহে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে প্ৰৱাসীসকলক আদৰণি জনোৱা আৰু তেওঁলোকক সুৰক্ষা প্ৰদান কৰাটো ভাৰতৰ পুৰণি ইতিহাস ।
Site Admin | March 28, 2025 1:49 PM | Lok Sabha passes Bill to modernise Immigration laws & consolidate govt’s powers
লোকসভাত Immigration আৰু বিদেশী বিধেয়ক, ২০২৫ গৃহীত
