তেলেংগানাত প্ৰধান ৰাজনৈতিক দলৰ শীৰ্ষ নেতাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’

তেলেংগানাত সকলো প্ৰধান ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহে কালি সন্ধিয়া হায়দৰাবাদ লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থী মাধৱীলতাৰ হৈ এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। বিগত কেইবাবছৰো ধৰি হায়দৰাবাদ আসনখনৰ পৰা ৰাজাকাৰসকলৰ উত্তৰাধিকাৰীয়ে সংসদক প্ৰতিনিধিত্ব কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ জনসাধাৰণক এইবাৰ বিজেপি প্রার্থীগৰাকীক সংসদলৈ নিৰ্বাচিত কৰিবলৈ আহ্বান জনায়। ইপিনে, প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ তথা মুখ্যমন্ত্ৰী কে ৰেৱন্ত ৰেড্ডীয়ে যোৱানিশা হায়দৰাবাদৰ মুছাপেটত এটা ৰোড শ্ব’ত ভাগ লয়। তেওঁ কয় যে এইবাৰ তেওঁৰ দলৰ মূল বিষয়বস্তু হৈছে সংৰক্ষণ। বিজেপি পুনৰ ক্ষমতালৈ আহিলে সংৰক্ষণ ব্যৱস্থা বাতিল কৰিব বুলি অভিযোগ তুলি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে সেইবাবে দলটোৱে ৪০০তকৈ অধিক আসনত জয়ী হোৱাৰ বিষয়টোত অধিক গুৰুত্ব আৰোপ কৰিছে। তেওঁ আই এন ডি আই মিত্ৰজোঁটেহে সংৰক্ষণৰ বিষয়টো অব্যাহত ৰাখিব পাৰিব বুলি দাবী কৰে। ইপিনে, মেহবুববাদত বি আৰ এছৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাওৱে এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। আনহাতে, নির্বাচন আয়োগে ৰাজ্যখনৰ ১৭টা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০০তকৈও অধিক বিধানসভা ক্ষেত্ৰত ভোটগ্ৰহণৰ সময় এঘণ্টা বৃদ্ধি কৰিছে। পুৱা ৭ বজাৰ পৰা বিয়লি ৬ বজালৈ এই সংসদীয় সমষ্টিকেইটাত ভোটগ্রহণ কৰা হ’ব। তেলেংগানাৰ মুখ্য নির্বাচনী বিষয়া বিকাশ ৰাজৰ অনুৰোধত নির্বাচন আয়োগে ভোটগ্ৰহণৰ এই সময়সীমা বৃদ্ধি কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত নক্সাল অধ্যুষিত এলেকাসমূহৰ বাহিৰে বাকী ১০৬টা বিধানসভা ক্ষেত্ৰত সন্ধিয়া ৬ বজালৈকে ভোটগ্রহণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক