লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত বিয়লি ৫ বজাপর্যন্ত সামগ্রিকভাৱে ৬৫.৭৬ শতাংশৰো অধিক ভোটদান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি ১২ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে আজি সুকলমে ভোটগ্রহণ অনুষ্ঠিত হয়। আজি বিয়লি ৫ বজাপর্যন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত সামগ্রিকভাৱে ৬৫.৭৬ শতাংশৰো অধিক ভোটদানৰ তথ্য পোৱা গৈছে। ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰাত সৰ্বাধিক ৭৭ শতাংশৰো অধিক, মণিপুৰত ৭৬ শতাংশৰো অধিক আৰু পশ্চিমবংগত ৭১ দশমিক ৮৪ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। আনহাতে, উত্তৰ প্ৰদেশত সর্বনিম্ন ৫২ দশমিক ৭৪ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। আনহাতে, অসমত শেহতীয়া তথ্য অনুসৰি ৭০ শতাংশৰো অধিক ভোটদাতাই ভোটদান কৰিছে। কেৰালাৰ ২০ খন আসন, কৰ্ণাটকৰ ১৪ খন, ৰাজস্থানৰ ১৩ খন, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮ খনকৈ, মধ্যপ্ৰদেশৰ ৬ খন, অসম আৰু বিহাৰৰ ৫ খনকৈ, পশ্চিমবংগ আৰু চণ্ডীশগড়ৰ ৩ খনকৈ আসনৰ লগতে মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ এখনকৈ লোকসভা আসনৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে। মধ্যপ্ৰদেশৰ বেটুল সংদসীয় সমষ্টিৰ ভোটগ্রহণ আজি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বি এছ পি প্রার্থীগৰাকীৰ মৃত্যু ঘটাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ ভোটগ্রহণ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব। সৰহসংখ্যক ভোটগ্রহণ কেন্দ্ৰতে সন্ধিয়া ৬ বজা পর্যন্ত ভোটগ্রহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য তথা বাওঁপন্থী সন্ত্রাসবাদ প্রভাৱিত অঞ্চলসমূহত আজি সুকলমে ভোটগ্রহণ অনুষ্ঠিত হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ভোটগ্রহণ কেন্দ্ৰসমূহত পুৱাৰ পৰা ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। মহিলা তথা যুৱ ভোটদাতাসকলৰ মাজত বিশেষ উৎসাহ দেখা গৈছে। দেশৰ কেবাগৰাকীও আগশাৰীৰ নেতাৰ ৰাজনৈতিক ভাগ্য আজি ই ভি এমত বন্দী হৈছে। কেৰালাৰ ৱায়ানাডৰ পৰা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী, থিৰুৱানন্তপুৰমৰ পৰা শশী ঠাকৰে প্ৰতিদ্বন্দ্বিতা কৰিছে। বাংগালোৰ ছাউধৰ পৰা বিজেপিৰ তেজস্বী সূৰ্য, মথুৰাৰ পৰা হেমা মালিনী আৰু মিৰাটৰ পৰা অৰুন গোভিল প্রতিদ্বন্দ্বিতা কৰিছে। কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি কুমাৰাস্বামীয়েও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ইপিনে পশ্চিমবংগৰ বেলুঘাট সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্রবীন নেতা তথা মন্ত্রী বিপ্লব মিত্রই প্রতিদ্বন্দ্বিতা কৰিছে। একেটা সমষ্টিৰ পৰাই বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে প্ৰতিদ্বন্দ্বিতা কৰিছে।

অধিক পঢ়ক

সকলো চাওক