লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে। মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ’ব আৰু শুকুৰবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ’ব। এই পৰ্যায়ত সাতখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টি সামৰি লোৱা হ’ব। বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও আগশাৰীৰ নেতাই কালি মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোডীয়ে কালি বাৰানসী লোকসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছে মোডীৰ বিৰুদ্ধে পুনৰ অজয় ৰায়ক প্রার্থিত্ব প্ৰদান কৰিছে। বিজেপি প্রার্থী কংগনা ৰাণাৱটেও হিমাচল প্ৰদেশৰ মন্দী সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। এই আসনখনৰ পৰা কংগ্ৰেছৰ বিক্রমাদিত্য সিঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কংগ্ৰেছ নেতা মনীষ তিৱাৰীও চণ্ডীগড় আসনৰ পৰা মনোনয়ন দাখিল কৰিছে। সমষ্টিটোত বিজেপিয়ে সঞ্জয় টেণ্ডনক প্রক্ষেপ কৰিছে।
Site Admin | May 15, 2024 11:18 AM | Lok Sabha Elections 2024