লোকসভা নিৰ্বাচনৰ বাবে বহুজন সমাজ পাৰ্টী (বি এছ পি)য়ে দলীয় প্ৰাৰ্থীৰ ষষ্ঠখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত দলে ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এইবাৰ দলে বাৰাণসীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰাৰ্থী সলনি কৰিছে। সেই অনুসৰি বাৰাণসীৰ বাবে অটহৰ জামাল লাৰিৰ ঠাইত চৈয়দ নিয়াজ আলীক প্রার্থী হিচাপে প্ৰক্ষেপ কৰিছে। আনহাতে হাৰদৈ সংৰক্ষিত আসনখনৰ বাবে ভীমৰাও আম্বেদকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে সন্ত কবীৰনগৰত মহম্মদ আলম আৰু ফটেহপুৰত ড০ মনীষ সিং সচানক প্রার্থী হিচাপে থিয় কৰোৱাইছে। সেইদৰে ফিৰোজাবাদ আসনখনৰ বাবে চৌধাৰী বশ্বিৰ, চিতাপুৰত মহেন্দ্ৰ সিং, মহাৰাজগঞ্জত মহম্মদ মৌচেম আলম, মিচৰিখত বি আৰ অহিৰৱাৰ, মছলি চেহৰ সংৰক্ষিত আসনখনত কৃপাশংকৰ সৰোজ, ভাদোহীত অটহৰ আনছাৰী আৰু ফুলপুৰত জগন্নাথ পালক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।
Site Admin | April 20, 2024 12:32 PM | Lok Sabha Elections 2024