লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়কেইটাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, প্ৰধানমন্ত্ৰীৰ কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ

লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়কেইটাৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মুংগেৰ আৰু আৰাৰিয়াত দুখন নির্বাচনী সভাত সম্বোধন কৰে। শ্রীমোদীয়ে কয় যে, তোষামোদ আই এন ডি আইৰ মিত্ৰজোঁটত শাসনৰ আৰ্হি হোৱাৰ বিপৰীতে সন্তুষ্টি বিজেপিৰ শাসনৰ আৰ্হি । তেওঁ কয় যে, বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে মহিলাসকলক শৌচালয়, গেছ, বিদ্যুৎ সংযোগ আৰু পানীৰ দৰে সুবিধা প্ৰদান কৰিছে। এন ডি এ চৰকাৰে বিনামূলীয়া চিকিৎসা সেৱাও সুনিশ্চিত কৰিছে বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। বিহাৰত আৰ জে ডিৰ শাসনৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, জংগলৰাজৰ সময়ত মুংগেৰ সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছিল। এন ডি এ চৰকাৰে জে ডি ইউ আৰু বিজেপিৰ নেতৃত্বত মুংগেৰক অন্ধকাৰৰ পৰা উলিয়াই আনিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে, এইবাৰৰ নিৰ্বাচন দেশক কৌশলগত আৰু অর্থনৈতিকভাৱে উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ নিৰ্বাচনৰূপে পৰিগণিত হৈছে। তেওঁ লগতে আৰ জে ডি আৰু কংগ্ৰেছ মিত্ৰজোঁটে দেশৰ সংবিধান অথবা গণতন্ত্ৰৰ কেৰেপ নকৰে বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, এই দল দুটাই দশক দশক ধৰি জনসাধাৰণক ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাত বাধা প্ৰদান কৰিছিল আৰু তেওঁলোকৰ শাসনকালত বলপূর্বকভাৱে ভোটগ্রহণ কেন্দ্ৰ দখল কৰি বৈধ ভোটাৰৰ ঠাইত অন্য লোকৰ দ্বাৰা ভোটদান কৰাৰ ঘটনা সাধাৰণ কথা আছিল। বিৰোধী মহামিত্ৰজোঁটৰ নেতাসকলেও তৃতীয় আৰু চতুর্থ পৰ্যায়ৰ ভোটগ্রহণ হ’বলগীয়া সংসদীয় সমষ্টিসমূহৰ দলীয় প্ৰাৰ্থীৰ হকে ঠায়ে ঠায়ে প্ৰচাৰ চলাইছে। বিকাশশীল ইন্‌ছান পাৰ্টিৰ মুৰব্বী মুকেশ চাহানীয়ে আজি বিহাৰৰ ঝাঞ্জাৰপুৰ আৰু কাষৰীয় এলেকাসমূহত কেইবাখনো নির্বাচনী সভাত আৰু ৰোড শ্ব’ত অংশ লয়। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অখিলেশ প্রসাদেও ভোটদাতাসকলৰ সৈতে সম্পর্ক কাৰ্যসূচীত ভাগ লয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ মালদাত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ কয় যে, তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ বাবে তোষামোদ একো নতুন কথা নহয়। প্রধানমন্ত্রীয়ে দুয়োটা দলে তোষামোদৰ বাবে যিকোনো কাম কৰিব পাৰে বুলি প্ৰকাশ কৰে। দল দুটাই দেশৰ সুৰক্ষাৰ হকে এন ডি এ চৰকাৰে লোৱা প্ৰতিটো সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব বিচাৰে বুলি শ্রীমোদীয়ে অভিযোগ তোলে। তেওঁ কয় যে, এটা সময়ত পশ্চিমবংগ দেশৰ উন্নয়নৰ চালিকা শক্তি আছিল কিন্তু প্রথমে বাঁওদল আৰু পাছত তৃণমূল কংগ্ৰেছৰ শাসনকালত ৰাজ্যখনৰ মহত্ত্ব ম্লান হৈছে আৰু উন্নয়নো স্থবিৰ হৈ পৰিছে।

ইপিনে, তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে আজি ঘাটল সংসদীয় সমষ্টিত এখন নির্বাচনী সভাত ভাগ লয়। তেওঁ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনিৰ বাবে ৰাজ্যখনলৈ পুঁজি যোগান নধৰা বুলি অভিযোগ তোলে।

ইফালে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি কৰ্ণাটকৰ বিজাপুৰ লোকসভা সমষ্টিত বিজয়াপুৰাত এখন নির্বাচনী সভা সম্বোধন কৰে। তেওঁ আই এন ডি আই মিত্রজোট ক্ষমতালৈ আহিলে প্ৰতিগৰাকী স্নাতকক ব্যক্তিগত কোম্পানী অথবা চৰকাৰী কাৰ্যালয়ত এবছৰীয়া শিক্ষা নবিচৰ সুযোগ প্ৰদানৰ আৰু এনে সুযোগ লাভ কৰা ব্যক্তিগৰাকীক এবছৰত ১ লাখ টকা প্ৰদানৰ প্ৰতিশ্ৰুতি আগবঢ়ায়। তেওঁ লগতে খেতিয়কসকলৰ ঋণ মাফ কৰা আৰু কৃষিজাত সামগ্ৰী ন্যূনতম সমর্থন মূল্য সন্দৰ্ভত আইনী নিশ্চয়তাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ কয় যে, আই এন ডি আই মিত্রজোঁট ক্ষমতালৈ আহিলে অগ্নিবীৰ আঁচনিৰ বাতিল কৰা হ’ব আৰু সৈন্য নিযুক্তিৰ পুৰণি ব্যৱস্থা বাহাল কৰা হ’ব। ৰাজ্যসমূহৰ বাবে অধিক অংশ সুনিশ্চিত কৰাৰ উদ্দেশ্যে সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাত নতুন ৰূপ দিয়া হ’ব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে।

মধ্য প্ৰদেশত লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি অশোকনগৰ আৰু ৰাজগড় লোকসভা সমষ্টিত কেইবাখনো জনসভাত ভাগ লয়। শ্রী শ্বাহে কয় যে, বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে দেশত উমৈহতীয়া দেৱানী বিধি তেওঁ ৰূপায়ণ কৰিব। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জিতু পাটৱাৰী, ৰাজ্যসভাৰ সাংসদ বিবেক টংখা আৰু প্ৰাক্তন কেন্দ্রীয় মন্ত্ৰী অৰুণ যাদৱে আজি বুঢ়হানপুৰত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। বিজেপিয়ে কর্মসংস্থাপনহীনতা আৰু মুদ্রাস্ফীতিৰ লেখীয়া বুনিয়াদী বিষয়ৰ পৰা মনোযোগ অন্যফালে ঢাল খুওৱাৰ চেষ্টা চলাইছে বুলি নেতাকেইগৰাকীয়ে অভিযোগ কৰে। উত্তৰ প্ৰদেশতো নির্বাচনী প্ৰচাৰ তুংগত উঠিছে। বি এছ পি নেতা আকাশ আনন্দে আম্বেদকাৰ নগৰ আৰু কৌশাম্বি লোকসভা সমষ্টিত দুটা সমাৱেশক সম্বোধন কৰে। সমাজবাদী পার্টিৰ মুৰব্বী অখিলেশ যাদৱে আজি ইটাহ জিলাত নির্বাচনী সভাত ভাগ লয়।

অধিক পঢ়ক

সকলো চাওক