লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮খন আসনৰ বাবে হৈছে ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮খন আসনক সামৰি লোৱা হৈছে। আজি ভোটগ্রহণ অনুষ্ঠিত হোৱা সমষ্টিকেইটাৰ ভিতৰত অসম আৰু বিহাৰৰ ৫টাকৈ, কেৰালাৰ ২০টা, কৰ্ণাটকৰ ১৪টা, ৰাজস্থানৰ ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ, মধ্যপ্ৰদেশৰ ৬টা, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ ৩টাকৈ তথা মণিপুৰ, ত্ৰিপুৰা আৰু জন্মু-কাশ্মীৰৰ এটাকৈ সমষ্টি আছে। মধ্য প্ৰদেশৰ বেটুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত ভোটগ্রহণ তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হৈছে। এই পৰ্যায়ত আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ৪ গৰাকী প্রার্থীসহ মুঠ এহেজাৰ ২০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব। ভোটগ্রহণ সুকলমে সম্পন্ন কৰাৰ বাবে ১ লাখ ৬৭ হাজাৰ ভোটগ্রহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু ১৬ লাখৰো অধিক নির্বাচনী বিষয়াক নিয়োজিত কৰা হৈছে। এই পর্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ ৰাহুল গান্ধী, চি পি আইৰ এনি ৰাজা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, কংগ্ৰেছ নেতা শশী থাৰুৰ, বিজেপিৰ তেজস্বী সূর্য, হেমামালিনী, অৰুণ গভিল, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী এইচ ডি কুমাৰাস্বামী, বিজেপিৰ দিলীপ শ‍ইকীয়া, পৰিমল শুক্লবৈদ্য, আৰু কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ অন্যতম।

অধিক পঢ়ক

সকলো চাওক