নির্বাচন আয়োগে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত ৬খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৭টা সংসদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। দিল্লীৰ ৭ খন আসন, হাৰিয়ানাৰ ১০খন, উত্তৰ প্ৰদেশৰ ১৪ খন, বিহাৰ আৰু পশ্চিমবংগৰ ৮ খনকৈ, ওড়িশাৰ ৬ খন আৰু ঝাৰখণ্ডৰ ৪খন আসনৰ বাবে ষষ্ঠ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। এই পর্যায়ত প্রার্থীসকলে অহা ৬ মে’লৈ মনোনয়ন দাখিল কৰিব পাৰিব। ৭ মে’ত মনোনয়ন পত্ৰৰ পুনৰীক্ষণ হ’ব আৰু ইচ্ছুক প্ৰাৰ্থীয়ে মে’ মাহৰ ৯ তাৰিখলৈ মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। উল্লেখযোগ্য যে অহা ২৫ মে’ত এই পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব আৰু ৪ জুনত সকলো পৰ্যায়ৰ একেলগে ভোটগণনা কৰা হ’ব।
Site Admin | April 29, 2024 6:40 PM | Lok Sabha Elections 2024
লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে নির্বাচন আয়োগৰ অধিসূচনা জাৰি
