দেশত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১২খন ৰাজ্যৰ ৮৮টা সমষ্টিত হ’ব ভোটগ্ৰহণ; ১,১৯৮গৰাকীৰ প্ৰতিদ্বন্দ্বিতা

দেশৰ ১২ খন ৰাজ্যৰ ৮৮টা সমষ্টিত ২৬ এপ্রিলত দ্বিতীয় পৰ্যায়ত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ত সামগ্ৰিকভাৱে এহেজাৰ ১৯৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই পৰ্যায়ৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ নেতা ভূপেশ বাঘেল, জনতা দল এছৰ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী এইচ ডি কুমাৰস্বামী, কংগ্ৰেছ নেতা শশী থাৰুৰ, লোকসভাৰ বিদায়ী অধ্যক্ষ ওম বিৰলা, ৰামায়ণ ধাৰাবাহিকত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল, অভিনেত্ৰী ৰাজনীতিক হেমা মালিনী, কেন্দ্রীয় মন্ত্ৰী গজেন্দ্র সিং শেখাৱট, কেন্দ্রীয় মন্ত্রী মহেশ শর্মা আদি। ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড সমষ্টিত একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাজস্থানৰ কোটা সমষ্টিত একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপি প্রার্থী হিচাপে অৱতীৰ্ণ হৈছে। পূৰ্বৰ দুয়োটা নির্বাচনতে জয়ী হৈ সাংসদ হোৱা হেমা মালিনীয়ে এইবাৰ পুনৰ মধুৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। কেৰালাৰ তিৰুৱনন্তপুৰমত কংগ্ৰেছ নেতা শশী থাৰুৰে প্ৰতিদ্বন্দ্বিতা কৰিছে।

অধিক পঢ়ক

সকলো চাওক