লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ, বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী সভা আৰু ৰোড শ্ব’

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰাৰ পাছত বাকীকেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে দেশৰ ভিন ভিন প্ৰান্তত নির্বাচনী সভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত এখন নির্বাচনী সভাক সম্বোধন কৰে। শ্ৰী মোদীয়ে কয় যে এইবাৰৰ নিৰ্বাচন দেশৰ ভৱিষ্যত সুনিশ্চিত কৰা আৰু অনাগত ৫ বছৰত দেশক মহাশক্তি ৰূপে গঢ়ি তোলাৰ নিৰ্বাচন হিচাপে পৰিগণিত হৈছে। ইপিনে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গে কৈছে যে, বিজেপিয়ে মুদ্রাস্ফীতি আৰু কর্মসংস্থাপনহীনতাৰ দৰে প্ৰকৃত বিষয়ৰ পৰা আঁতৰি ফুৰিছে। তেওঁ লগতে দলটোৰ গোপন অভিপ্ৰায় আছে বুলি মন্তব্য কৰিছে। বিহাৰৰ কাটিহাৰত কালি এখন নির্বাচনী সভাক সম্বোধন কৰি নেতাগৰাকীয়ে এইদৰে মন্তব্য কৰে। শ্ৰী খাৰ্গেই কয় যে, তেওঁৰ দলে সংবিধানক ৰক্ষা কৰাৰ বাবে বিভাজনকাৰী শক্তিসমূহৰ বিৰুদ্ধে আহ্বান জনাইছে। তেওঁ কয় যে, বিজেপিয়ে ধনবল আৰু বিধি বলৱৎকাৰী সংস্থাসমূহৰ অপপ্ৰয়োগৰে বিভিন্ন ৰাজ্যৰ নিৰ্বাচিত চৰকাৰক ক্ষমতাচ্যুত কৰিছে। ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ দৰে কংগ্ৰেছ নেতাসকলে দেশৰ একতাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছে যদিও বিজেপিৰ তেনে কোনো ইতিহাস নাই বুলি শ্রী খাৰ্গেই প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কিষাণগঞ্জত আন এখন সভাত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক