ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৪টা সমষ্টিৰ বাবে ৭ মে’ত ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা সমষ্টিৰ বাবে অহা ৭ মে’ত ভোটগ্রহণ কৰা হ’ব। এই পৰ্যায়ত এহেজাৰ ৩৫১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্রার্থী। প্ৰাৰ্থীসকলৰ ভিতৰত ৫৯১ গৰাকী স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অর্হতা আছে। আনহাতে ৪১১ গৰাকী প্ৰাৰ্থী ২৫ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ আৰু ৭১২ গৰাকী ৪১ৰ পৰা ৬০ৰ ভিতৰৰ। উল্লেখযোগ্য যে, প্রথম পর্যায়ত ১৯ এপ্ৰিলত দেশৰ ১০২টা সমষ্টিত আৰু দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ৮৮টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হৈছিল। আনহাতে, প্রথম পৰ্যায়ত এহেজাৰ ৬২৫ গৰাকী আৰু দ্বিতীয় পৰ্যায়ত এহেজাৰ ১৯৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। তৃতীয় পৰ্যায়ত অসমত ৪ খন, বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ দুখন, গুজৰাটৰ ২৬, কৰ্ণাটকৰ ১৪, মধ্যপ্ৰদেশৰ ৮, মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, পশ্চিমবংগৰ ৪ তথা দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ দুখনকৈ তথা জম্মু আৰু কাশ্মীৰৰ এখন আসনৰ বাবে ভোটগ্রহণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক