দেশত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিয়লি ৫ বজালৈ প্রায় ৬২ শতাংশ ভোটদান

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ ইতিমধ্যে সম্পন্ন হৈছে। দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে ভোটগ্রহণ প্রায় শান্তিপূর্ণভাৱে সম্পন্ন হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি এই পৰ্যায়ত সামৰি লোৱা ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২টা সমষ্টিত বিয়লি ৫ বজালৈ সামগ্রিকভাৱে প্রায় ৬২ শতাংশ ভোটদান হোৱা বুলি জানিব পৰা গৈছে। বিয়লি ৫ বজালৈকে লাভ কৰা তথ্য অনুসৰি পশ্চিমবংগত সর্বাধিক ৭৭ দশমিক ৫-৭ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। ত্ৰিপুৰাত ৭৬ শতাংশৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। আনহাতে, এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি ৰাজস্থানত আটাইতকৈ কম অর্থাৎ প্রায় ৫০ শতাংশ ভোটদাতাই ভোটদান কৰে। অসমত ৭১ দশমিক ৩-৯, মণিপুৰত ৬৮ দশমিক ৬-২, ছিকিমত ৬৮ দশমিক শূন্য ৬, বিহাৰত ৪৬ দশমিক ৩-২, ছত্তিশগড়ত ৬৩ দশমিক ৪-১, উত্তৰ প্ৰদেশত ৫৭ দশমিক ৫-৪, মহাৰাষ্ট্ৰত ৫৪ দশমিক ৮-৫, অৰুণাচল প্ৰদেশত ৬৪ দশমিক ৯-১, মেঘালয়ত ৬৯ দশমিক ৯-১, মিজোৰামত ৫৩ দশমিক ৯- ৬, নাগালেণ্ডত ৫৬ দশমিক ৬-৪ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। উল্লেখযোগ্য যে প্রথম পর্যায়ত আজি তামিলনাডুৰ ৩৯টা, ৰাজস্থানৰ ১২টা, উত্তৰপ্ৰদেশৰ ৮টা, মধ্যপ্ৰদেশৰ ৬টা, অসম, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰৰ ৫টাকৈ, বিহাৰৰ ৪টা, পশ্চিমবংগৰ ৩টা, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ দুটাকৈ আৰু মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, ছট্টিশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ এটাকৈ সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হয়। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, কিৰেণ ৰিজিজু, সর্বানন্দ সোণোৱাল, জীতেন্দ্ৰ সিং, ভূপেন্দ্ৰ যাদৱ, অর্জুন ৰাম মেঘৱাল, সঞ্জীৱ বলীয়ান আৰু এল মুগানৰ ৰাজনৈতিক ভাগ্য ই ভি এমত বন্দী হৈছে। এই পর্যায়ত তামিলনাডুত বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামলাই, তেলেংগানৰ প্ৰাক্তন ৰাজ্যপাল টি সৌন্দৰৰাজন, ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীও প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এই ১০২খন আসনৰ ভিতৰত এন ডি এই ৪১ খন আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এই ৪৫ খন আসনত জয়লাভ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক