ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ জৰিয়তে কেইবাগৰাকীও ৰাজনীতিকৰ ভাগ্য ইভিএমত বন্দী

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি দেশৰ ২১ খন ৰাজ্যৰ ১০২ খন আসনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণৰ জৰিয়তে কেইবাগৰাকীও উল্লেখযোগ্য ৰাজনীতিকৰ ভাগ্য ইভিএমত বন্দী হৈছে। ইয়াৰে ভিতৰত নাগপুৰ লোকসভা সমষ্টিত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী, ডিব্ৰুগড় লোকসভা সমষ্টিত সর্বানন্দ সোণোৱাল, পশ্চিম অৰুণাচল লোকসভা সমষ্টিত কিৰে‍ণ ৰিজিজু, বিকানেৰ লোকসভা সমষ্টিত অর্জুন ৰাম মেঘৱাল, হৰিদ্বাৰত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্রিবেন্দ্র সিং ৰাৱটি, পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিত বিপ্লৱ কুমাৰ দেৱ, নাইনিতাল-উধমসিং নগৰ লোকসভা সমষ্টিত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অজয় ভাটে প্রতিদ্বন্দ্বিতা কৰিছে। তদুপৰি কইম্বাটুৰ লোকসভা সমষ্টিত তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামলাই, দক্ষিণ চেন্নাই লোকসভা সমষ্টিত তেলেংগানাৰ প্ৰাক্তন ৰাজ্যপাল ড০ তামিলীসাই সৌন্দৰৰাজন, ৰামনাথপুৰম লোকসভা সমষ্টিত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ’ পনিৰচেলবাম, মধ্য প্ৰদেশৰ ছিণ্ডৱাড়া লোকসভা সমষ্টিত কংগ্ৰেছ নেতা কমল নাথৰ পুত্ৰ নকুল নাথে প্রতিদ্বন্দ্বিতা কৰিছে।

অধিক পঢ়ক

সকলো চাওক