অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন, মণিপুৰত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি

অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত আজি লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাদে প্রায় নিয়াৰিকৈ সম্পন্ন হয়। অৱশ্যে মণিপুৰৰ কেইটামান ভোটকেন্দ্ৰত কিছু অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত ভোটগ্রহণ ব্যাহত হয়। ৰাজ্যখনত সামগ্রিকভাৱে বিয়লি ৫ বজাপর্যন্ত ৬৮ দশমিক ৪-৭ শতাংশ ভোটদাতাই ভোটদান কৰে। ইপিনে, নাগালেণ্ডত প্রায় ৫৬ শতাংশ, অৰুণাচল প্ৰদেশত প্ৰায় ৬৪ শতাংশ,  মেঘালয়ত প্রায় ৭০ শতাংশ, মিজোৰামত ৫২ শতাংশৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। ইপিনে, ছিকিমত ৬৮ শতাংশৰো অধিক আৰু ত্ৰিপুৰাত সৰ্বাধিক ৭৬ শতাংশৰো অধিক ভোটদাতাই ভোটদান কৰিছে। উল্লেখযোগ্য যে অৰুণাচল, মণিপুৰ আৰু মেঘালয়ৰ দুটাকৈ তথা মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ এটাকৈ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। মিজোৰামত একমাত্র আসনখনৰ বাবে ছগৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু ইয়াৰে এগৰাকী মহিলা। ইফালে, অৰুণাচল প্রদেশ আৰু ছিকিমত বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ আজি সম্পন্ন হয়। ৫ বজালৈকে লাভ কৰা তথ্য অনুসৰি অৰুণাচল প্ৰদেশত ৬৫ শতাংশৰো অধিক আৰু ছিকিমত প্রায় ৬৮ শতাংশ ভোটদাতাই ভোটদান কৰিছে।

অধিক পঢ়ক

সকলো চাওক