৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

অহা ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্রশাসনসমূহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যৰ ৫০ খন জিলাৰ নিৰ্বাচনী জিলাত স্থাপিত ৫২টা ভোটগ্রহণ কেন্দ্ৰত ভোটগণনাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰপেটা লোকসভা সমষ্টিৰ অধীনৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে প্ৰস্তুতিৰ বিষয়ে প্রকাশ কবি প্রশাসনে জনাইছে যে, ৪ জুনৰ পুৱা ৮ বজাৰ পৰা বঙাইগাঁও মহাবিদ্যালয়ৰ মুঠ ১৪ খন মেজত ১৬টা দফাত গণনা কার্য সম্পন্ন হ’ব। লোকসভা নিৰ্বাচনৰ ভোটগণনাক কেন্দ্ৰ কৰি ওদালগুৰি জিলা প্ৰশাসনো সাজু হৈ উঠিছে। তিনিতৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ওদালগুৰিৰ আয়ুক্তৰ কাৰ্যালয়ত এইবেলি জিলাখনৰ ৪টা সমষ্টিত ওদালগুৰি, মাজবাট, টংলা আৰু ভেৰগাঁৱৰ ভোটগণনা অনুষ্ঠিত হ’ব। একেদৰে মঙলদৈ মহাবিদ্যালয়ত দৰঙৰ তিনিটা সমষ্টি ক্ৰমে মঙলদৈ, ছিপাঝাৰ আৰু দলগাঁৱৰ ভোটগণনা অনুষ্ঠিত হ’ব। ইফালে ৰঙিয়া মহকুমাৰ কাৰ্যালয়ত কমলপুৰ আৰু ৰঙিয়া সমষ্টিৰ, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টিৰ ভোটগণনা কৰা হ’ব। মুঠ ১১টা সমষ্টিৰ পোষ্টেল ভোটসমূহ ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত গণনা কৰা হ’ব।

MORE NEWS :

ভোটগণনাৰ বাবে গোৱালপাৰা জিলা প্রশাসনেও যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখন ৪ টা বিধানসভা সমষ্টিৰ ভোটগণনা গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত হোৱা বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব বুলি প্ৰশাসনে প্রকাশ কৰিছে। ইফালে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰি ভোটগণনাৰ বাবে মুঠ ৫ হাজাৰ ৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা বুলি জানিবলৈ দিয়ে। আনহাতে ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নির্বাচনী আয়োগে ৬৪ গৰাকী সাধাৰণ পর্যবেক্ষক নিযুক্তি দিয়া বুলিও তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক