জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই বাৰামুল্লা লোকসভা সমষ্টিত ভোটদানৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰিৰ বাবে অঞ্চলটোৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীসিনহাই কয় যে, সমষ্টিটোত ৫৮ শতাংশতকৈ অধিক ভোটদানৰ হাৰ অতিশয় উৎসাহজনক আৰু ই গণতন্ত্ৰত জনসাধাৰণৰ আস্থাক প্ৰতিফলিত কৰে। তেওঁ গণতন্ত্ৰৰ এই মহাকুম্ভত যোগদান কৰাৰ বাবে জনসাধাৰণক ধন্যবাদ জনায়। উপ-ৰাজ্যপালগৰাকীয়ে ২৫ মে’ত অনন্তনাগ-ৰাজৌৰি লোকসভা সমষ্টিৰ বাবে হ’বলগীয়া নির্বাচনতো জনসাধাৰণে একেধৰণে সঁহাৰি দিব বুলি আশা প্রকাশ কৰে।
Site Admin | May 21, 2024 11:21 AM | Lok Sabha Election poll 5th phase
জম্মু-কাশ্মীৰৰ বাৰামুল্লা লোকসভা সমষ্টিত ভোটদানৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰিৰ বাবে অঞ্চলটোৰ জনসাধাৰণক উপ-ৰাজ্যপাল মনোজ সিনহাৰ অভিনন্দন
