লোকসভা নিৰ্বাচনৰ বাকী থকা দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ, প্ৰধানমন্ত্ৰী মোদীৰ কেইবাটাও সমদলত অংশগ্ৰহণ

লোকসভা নিৰ্বাচনৰ বাকী থকা দুটা পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে৷ জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে ৰাজ্যসমূহত ৰাজহুৱা সভা আৰু ৰোড শ্ব’ত অংশগ্রহণ কৰি নিজ নিজ দলৰ প্ৰাৰ্থীসকলক উৎসাহিত কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা আৰু পশ্চিমবংগত আজি কেইবাটাও সমদলত অংশগ্রহণ কৰে। ওড়িশাৰ পুৰীত আজি শ্ৰী মোদীয়ে এটা ৰোড শ্ব’ত ভাগ লয়। ইয়াৰ পাছতে তেওঁ উদ্যোগিক চহৰ অংগুলত এখন ৰাজহুৱা সভা সম্বোধন কৰে। শ্ৰী মোদীয়ে কয় যে প্রাকৃতিক সম্পদত চহকী হোৱা সত্ত্বেও ওড়িশাৰ লোকসকলে দৰিদ্ৰতাৰ সৈতে যুঁজি আছে। ওড়িশাৰ খনিজ সম্পদ আৰু সংস্কৃতি বিজেডি শাসনৰ অধীনত সুৰক্ষিত নহয় বুলি তেওঁ অভিযোগ কৰে। ধেনকানান আৰু কটকতো নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা সভা সম্বোধন কৰে। তেওঁ কয় যে কটক ভাৰতীৰ পুৰণি চহৰসমূহৰ ভিতৰত অন্যতম আধুনিক শিক্ষাৰ কেন্দ্ৰ। তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে ৰাজ্যখনত বিজেপি চৰকাৰ শাসনলৈ আহিলে চাউলৰ ন্যূনতম সহায়ক মূল্য প্রতি কুইণ্টলত ২,২০০ৰ পৰা ৩,১০০টকালৈ বৃদ্ধি কৰিব।

অধিক পঢ়ক

সকলো চাওক