ৰাজ্যৰ ১৪টা সমষ্টিৰ বাবে ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি আৰম্ভ

অহা ৪ জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ১৪টা সমষ্টিৰ বাবে হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্ৰস্তুতিৰ বুজ ল’বলৈ বৈঠকত মিলিত হৈছে। দক্ষিণ শালমাৰা, মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ভোটগণনাকাৰী বিষয়াসকলৰ পৰা প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ আজি অনুষ্ঠিত হয়। ১৪ খন ভোটগণনা মেজৰ জৰিয়তে হাটশিঙিমাৰীৰ ৩৪৭ টা ভোটগ্রহণ কেন্দ্ৰত অনুষ্ঠিত ভোটগ্ৰহণৰ ই ভি এমৰ ভোটসমূহ গণনা কৰা হ’ব। মৰিগাঁও জিলা প্ৰশাসনেও অলপতে ভোটগণনাৰ প্রস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ভোটগণনা কার্য নিয়াৰিকৈ চলাই নিয়াৰ বাবে ল’বলগীয়া পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয়। ইফালে, ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্রহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। আনহাতে ৰাজ্যখনৰ ১৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ১৪৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা ইভিএমসমূহ ৫০টা ষ্ট্ৰং ৰূমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। ষ্ট্ৰং ৰূমসমূহত ৩ তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে ইয়াৰ প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰ চিচি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত ছগৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল। উল্লেখযোগ্য যে প্রথম পৰ্যায়ত ৰাজ্যখনৰ ৫টা সমষ্টি কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত মুঠ ৩৫ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল। আনহাতে দ্বিতীয় পৰ্যায়ত ৫টা সমষ্টি দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত ৬১ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ ১৪টা সমষ্টিৰ বাবে হ’বলগীয়া তিনিটা পৰ্যায়ত ভোটগ্রহণৰ কোনো এটা পর্যায়তে কোনো কাৰণত পুনৰ ভোটগ্রহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। এইবাৰৰ ভোটগ্রহণ সম্পূৰ্ণ নিয়াৰিকৈ সম্পন্ন হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক