নির্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে দিল্লী বিজেপিৰ নেতা আৰু প্রার্থীৰ প্ৰাতঃভ্ৰমণকাৰীৰ সৈতে মত-বিনিময়

বিজেপিৰ কেইবাগৰাকীও নেতা আৰু দিল্লীৰ সাংসদ প্রার্থীসকলে নির্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি প্ৰাতঃভ্ৰমণকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱাই কেশৱপুৰমৰ হাটোডা ৰাম পাৰ্কত অঞ্চলটোৰ লোকসকলৰ সৈতে মত-বিনিময় কৰি পোষ্টাৰ আদি বিতৰণ কৰে। উত্তৰ পশ্চিম দিল্লীৰ বিজেপি প্রার্থী যোগেন্দ্ৰ চাণ্ডোলিয়াই ৰোহিণী ছেক্টৰ-১৬ৰ এখন উদ্যানত লোকসকলৰ সৈতে মত-বিনিময় কৰে। আনহাতে, নতুন দিল্লীৰ বিজেপি প্রার্থী বাঞ্চুৰী স্বৰাজে কৰোলবাগত প্ৰাতঃভ্ৰমণকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। অন্যান্য প্রার্থীসকলেও তেওঁলোকৰ নিজ নিজ অঞ্চলত লোকসকলৰ সৈতে মত-বিনিময় কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱাই কয় যে দলৰ সকলোবোৰ কর্মকর্তা পুৱাৰ ভাগত উদ্যানসমূহলৈ গৈ জনসাধাৰণক বিজেপিৰ হকে ভোটদান কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে বিজেপিৰ সৰ্ববৃহৎ মূলমন্ত্ৰ হৈছে – সম্পৰ্ক, সমন্বয় আৰু সমবাদ।

অধিক পঢ়ক

সকলো চাওক