লোকসভা নিৰ্বাচনৰ ৫ম-৬ষ্ঠ পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ, প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰ প্ৰদেশত প্ৰচাৰ সভা

লোকসভা নিৰ্বাচনৰ ২০ মে’ত ৪৯টা সংসদীয় সমষ্টিত হ’বলগীয়া পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে পৰহিলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। আনহাতে, ২৫ মে’ত হ’বলগীয়া ষষ্ঠ পৰ্যায়ত ৫৭টা আৰু ১ জুনত সপ্তম পৰ্যায়ত ৫৭টা লোকসভা সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানো তীব্ৰতৰ হৈ উঠিছে।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ জ’নপুৰ জিলাত এখন নির্বাচনী সভাত ভাষণ দিয়ে। তেওঁ কয় যে, নাগৰিকত্ব সংশোধনী আইন মোদীৰ নিশ্চয়তা উজ্জ্বল নিদর্শন। বিজেপিয়ে প্রদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰে বুলিও শ্রীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, পূৰ্বতে উন্নয়ন অকল ডাঙৰ ডাঙৰ চহৰসমূহতে সীমিত আছিল যদিও বৰ্তমান অযোধ্যা আৰু কাশীৰ দৰে ধৰ্মীয় স্থানসমূহৰো যথেষ্ট বিকাশ হৈছে। ইয়াৰ আগেয়ে আজমগড় জিলাৰ লালগঞ্জত এখন নির্বাচনী সভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছ একেটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। দুয়োটা দলে মিথ্যাচাৰৰ আশ্ৰয় লৈ আহিছে তথা স্বজন-তোষণ আৰু দুৰ্নীতিত লিপ্ত হৈ আহিছে বুলি শ্রীমোদীয়ে মন্তব্য কৰে। কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয় যে দলটোৰ প্রাক্তন সভাপতিগৰাকীয়ে ৰাম মন্দিৰ সন্দৰ্ভত নেতিবাচক মন্তব্য কৰি আহিছে। পাছত ভাদোহিত এখন নির্বাচনী সভাত অংশ লৈ শ্ৰীমোদীয়ে কয় যে, শ্ৰীনগৰৰ শেহতীয়া নিৰ্বাচনত হোৱা বিপুল ভোটদানৰ পৰা উপত্যকাটোৰ জনসাধাৰণৰ সন্তুষ্টি প্ৰতিফলিত হৈছে আৰু জম্মু কাশ্মীৰত ভোটবেংকৰ ৰাজনীতিৰ অৱসান ঘটিব ওলাইছে। প্রতাপগড় জিলাত আজি নিজৰ অন্তিমখন নির্বাচনী সভাত ভাগ লৈ শ্ৰীমোদীয়ে সমাজবাদী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছৰ মিত্ৰজোঁটক তীব্র সমালোচনা কৰে। তেওঁ কয় যে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে মমতা বেনাৰ্জীয়ে পশ্চিমবংগত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ লোকসকলক কিয় বহিৰাগত বুলি কয় সেই বিষয়ে প্রশ্ন কৰা উচিত। প্রধানমন্ত্রী মোদীয়ে আজি নিশাটো লক্ষ্ণৌৰ ৰাজভৱনত কটাব। তেওঁ কাইলৈ বাৰাবাংকী, ফতেহপুৰ আৰু হামিৰপুৰ সমষ্টিত ৩ খন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব।

ইপিনে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী ৱাদ্ৰাই আজি ৰায়বৰেলী সমষ্টিত দলৰ হকে প্ৰচাৰ চলায়। প্ৰচাৰ কালত বিজেপিক সমালোচনা কৰি শ্ৰীমতী গান্ধীয়ে কয় যে গেৰুৱা দলটোৱে অনাচাৰ অমান্যতাত উদগণি যোগাই আহিছে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱেও বান্দাত এখন নির্বাচনী সভাত ভাগ লৈ বিজেপিক তীব্র সমালোচনা কৰে। তেওঁ কয় যে, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ দুৰ্নীতিত ডিঙিলৈকে পোত খাই আছে। ফতেহপুৰ জিলাৰ আন এখন নির্বাচনী সভাত শ্রীযাদৱে কয় যে, দেশৰ ১৪০ কোটি জনসাধাৰণে এইবাৰৰ নিৰ্বাচনত বিজেপিক ১৪০ খনতকৈ অধিক আসন প্রদান নকৰে।

ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বিহাৰৰ সীতামঢ়হীত এখন নির্বাচনী সভাত ভাষণ দি ৫০০ বছৰ পাছত অযোধ্যাত ভগৱান ৰামৰ মন্দিৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ হোৱাটোৱে শক্তিশালী চৰকাৰৰ ইচ্ছা শক্তিক প্ৰতিফলিত কৰে। তেওঁ কয় যে, নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰি জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে। তেওঁ লগতে কংগ্ৰেছে ৰাম মন্দিৰৰ বিষয়ত সদায় হোঁহকা-পিছলা দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে। কংগ্ৰেছ আৰু আৰ জে ডিৰ নেতাসকলে ভোটবেংকৰ প্ৰতি থকা ভয়ৰ বাবে ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠান অনুষ্ঠানত অংশগ্ৰহণ নকৰা বুলি বিজেপি নেতাগৰাকীয়ে অভিযোগ তোলে। তেওঁ কয় যে জম্মু কাশ্মীৰৰ পৰা ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এখন ৰাষ্ট্ৰ এখন সংবিধান ব্যৱস্থা প্ৰকৃত অৰ্থত ৰূপায়ণ কৰিছে। পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতৰ সৈতে একীকৃত কৰাৰ এয়াই সময় আহি পৰিছে বুলি তেওঁ মন্তব্য কৰে।

ইপিনে, ৰাষ্ট্ৰীয় লোকমৰ্চাৰ প্ৰাৰ্থী তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী উপেন্দ্র কুশ্বাহাই আজি ঔৰংগাবাদৰ দাউদনগৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলায়। মহা মিত্ৰজোঁটৰ অন্তৰ্গত আৰ জে ডি, কংগ্ৰেছ, বিকাশশীল ইনচান পাৰ্টী আৰু বাঁও দলৰ নেতাসকলেও আজি ৰাজ্যখনৰ বিভিন্ন সংসদীয় সমষ্টিত নির্বাচনী সভাত ভাগ লয়। আৰ জে ডিৰ নেতা তেজস্বী যাদৱে নিৰ্বাচনী প্ৰচাৰ কালত কর্মসংস্থাপনহীনতা আৰু প্ৰব্ৰজনৰ বিষয় লৈ বিজেপিক তীব্র সমালোচনা কৰে। মধুবনিত আৰ জে ডিৰ প্ৰাৰ্থীৰ হকে এখন নির্বাচনী সভাত ভাষণ দি শ্রীযাদৱে কয় যে, এন ডি এয়ে কেন্দ্ৰ আৰু ৰাজ্যত বহুসময় ধৰি শাসনত আছে যদিও প্ৰব্ৰজনৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে। বিজেপি আৰু জে ডি ইউ উভয়ে বিহাৰৰ প্ৰকৃত সমস্যাসমূহৰ পৰা আঁতৰি ফুৰা বুলিও তেওঁ মন্তব্য কৰে।