দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত, আজি মুম্বাইৰ ঘাটকোপাৰত প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব’

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে। পঞ্চম পৰ্যায়ত ২০ মে’ত ৪৯টা লোকসভা সমষ্টিত ভোটগ্রহণ কৰা হ’ব। ২৫ মে’ত ষষ্ঠ পৰ্যায়ত ৫৭টা আৰু ১ জুনত সপ্তম পৰ্যায়ত ৫৭টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বিয়লি মুম্বাইৰ ঘাটকোপাৰত এটা ৰোড শ্ব’ত ভাগ ল’ব। এল বি এছ মাৰ্গৰ শ্ৰেয়াছ চিনেমাৰ পৰা আৰম্ভ হ’বলগীয়া ২ দশমিক ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰোড শ্ব’ৰ সামৰণি পৰিব গান্ধী মার্কেটত। মুম্বাইৰ উত্তৰ-পূব সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপি প্রার্থী মিহিৰ কোটেছাৰ প্ৰচাৰৰ অংশ হিচাপে এই ৰোড শ্ব’ৰ আয়োজন কৰা হৈছে।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি পশ্চিমবংগৰ বনগাঁও লোকসভা সমষ্টিত নির্বাচনী প্ৰচাৰ সভাত অংশ লয়। অনুষ্ঠানত অংশ লৈ শ্ৰীশ্বাহে জনসাধাৰণক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰোৱাৰ বাবে জনসাধাৰণক এন ডি এক ভোটদান কৰিবলৈ আহ্বান জনায়। তেওঁ চতুর্থ পৰ্যায়লৈকে নির্বাচন অনুষ্ঠিত ৩৮০খন আসনৰ ভিতৰত এন ডি এয়ে ২৭০খন আসন লাভ কৰিব বুলি মন্তব্য কৰে। ইফালে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কালি উত্তৰ প্ৰদেশৰ আমেথিত আয়োজিত এখন জনসভাত অংশ লয়।

কংগ্ৰেছৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই কালি উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ আৰু গোৰখপুৰৰ সমীপৰ চৌৰি-চৌৰাত আয়োজিত জনসভাত অংশগ্রহণ কৰে। নিজৰ ভাষণত তেওঁ কয় যে, কংগ্ৰেছ নেতৃত্বাধীন আই এন ডি আই মিত্রজোঁট ক্ষমতালৈ আহিলে কৃষকৰ ঋণ ৰেহাই দিয়াৰ লগতে কৃষি খণ্ডৰ পৰা জি এছ টি আঁতৰোৱা হ’ব বুলি উল্লেখ কৰে। একেদৰে কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কালি উত্তৰ প্ৰদেশৰ আমেথিত জনসভাত অংশগ্ৰহণ কৰি প্ৰচাৰ অভিযান চলায়। ইপিনে আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত এটা ৰোড শ্ব’ত অংশ লয়। সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সৈতে কালি ঝাছিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদীপ জৈনৰ হকে যুটীয়াভাৱে নির্বাচনী সভাত ভাষণ দিয়ে।

বিহাৰতো প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। বিজেপি, জে ডি ইউ, লোকজনশক্তি পাৰ্টী ৰামৱিলাস, হিন্দুস্তানী আৱাম মৰ্চা, আৰু ৰাষ্ট্ৰীয় মৰ্চাৰ নেতাসকলে ৰাজ্যখনৰ ঠায়ে ঠায়ে কালি এন ডি এ প্ৰাৰ্থীৰ হকে প্ৰচাৰত ভাগ লয়। ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্রী সুশীল কুমাৰ মোদীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ তাৰকা প্ৰচাৰকসকলে নিজৰ কাৰ্যসূচী বাতিল কৰে। আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱ, বিকাশশীল ইনচান পাৰ্টীৰ মুৰব্বী মুকেশ সাহানীয়েও কালি বিভিন্ন সমষ্টিত মহা মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছৰ নেতাসকলে কালি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে প্ৰচাৰত ব্ৰতী হয়।

দিল্লীৰ ৭টা লোকসভা সমষ্টিতো প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ নেতা তথা মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি উত্তৰ-পূব দিল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপি প্রার্থী মনোজ তিৱাৰীৰ হকে কমলা নগৰ এলেকাত এখন নির্বাচনী সভাত ভাগ লয়।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মায়ো কালি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ লক্ষ্মীনগৰ এলেকাত পূব দিল্লী সংসদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী হৰ্ষ মালহোট্ৰাৰ হৈ প্ৰচাৰ চলায়। আনহাতে আম আদমী পাৰ্টীৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে পশ্চিম লোকসভা আসনৰ দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে।

অধিক পঢ়ক

সকলো চাওক