লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ তীব্ৰ প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি তেলেংগানাৰ ভোনগিৰ সংসদীয় সমষ্টিত প্ৰচাৰ চলায়। আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি অন্ধ্ৰপ্ৰদেশৰ নৰ্সাপুৰ আৰু তেলেংগানাৰ ছৰুৰনগৰত নিৰ্বাচনী সভাক সম্বোধন কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কালি প্ৰচাৰ অভিযানত ভাগ লয়। নেতাগৰাকীয়ে উত্তৰ প্ৰদেশৰ ফটেহপুৰত এটা সমাৱেশক সম্বোধন কৰি কয় যে, এন ডি এ চৰকাৰে বিগত ১০ বছৰত উন্নয়নৰ হকে কাম কৰিছে। শ্ৰীনাড্ডাই কালি চিত্রকূটত এটা ৰাজনৈতিক সমাৱেশতো অংশ লয়। আনহাতে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেখ যাদৱে কালি বাহৰেইচত এখন নির্বাচনী সভাত ভাষণ দিয়ে। শ্রীযাদৱে কয় যে, বিজেপিয়ে খেতিয়ক আৰু যুৱ প্ৰজন্মৰ বিৰুদ্ধে কাম কৰি আছে। নেতাগৰাকীয়ে ধৌৰহাৰা আৰু লখিমপুৰ খেৰি সমষ্টিতো প্ৰচাৰ চলায়। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী ৱাদ্ৰাই কালি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত প্ৰচাৰ চলাই কয় যে, তেওঁৰ দল ক্ষমতালৈ আহিলে নির্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিটো প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব। ইপিনে বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতীয়ে কালি উত্তৰ প্ৰদেশৰ কণৌজত নিৰ্বাচনী সভাত ভাগ লয়। শ্রীমতী মায়াৱতীয়ে কয় যে, কংগ্ৰেছ দল যিসমূহ পদক্ষেপৰ বাবে ক্ষমতাচ্যুত হ’বলগীয়া হৈছিল, গেৰুৱা দলটোৱেও সেইসমূহ পদক্ষেপে লৈছে।

অধিক পঢ়ক

সকলো চাওক