লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন-ডি-এ মিত্রজোঁটৰ ২৯২খন আসন লাভ

লোকসভা নিৰ্বাচনৰ ৫৪৩খন আসনৰ আটাইকেইখনৰে ফলাফল ঘোষণা কৰা হৈছে। সেই অনুসাৰে বিজেপি নেতৃত্বাধীন এন-ডি-এ মিত্রজোঁটে ২৯২খন আসন লাভ কৰিছে। আনহাতে, আই এন ডি আই মিত্রজোঁটে ২৩৩খন আসন লাভ কৰি দ্বিতীয় স্থানত আছে। অন্যান্যসকল ১৮খন আসনত জয়ী হৈছে। বিজেপিয়ে অকলে ২৪০খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হৈছে। তেলেগু দেশমে ১৬ আৰু জে ডি ইউয়ে ১২খন আসন হস্তগত কৰিছে। কংগ্ৰেছে ৯৯খন আসন লাভ কৰাৰ বিপৰীতে সমাজবাদী পার্টীয়ে ৩৭খন, তৃণমূল কংগ্ৰেছে ২৯খন, ডি এম কে ২২খন শিৱসেনা উদ্ধৱ থাকৰে ৯খন, এন-চি-পি শাৰদ যাদৱ ৮খন, শিৱসেনা সিন্দে ৭খন, লোক জনশক্তি পাৰ্টী ৰামবিলাস ৫খন, আৰ জে ডি আৰু চি পি আই এমে ৪খনকৈ, আম আদমী পাৰ্টী আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে ৩খনকৈ তথা জে ডি এছ, জনসেনা, চি পি আই, চি পি আই এম এল, ভি চি কে আৰু নেশ্যনেল কনফাৰেন্সে দুখনকৈ আসন লাভ কৰিছে। এইবাৰৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত প্ৰধানমন্ত্রী তথা বিজেপি নেতা নৰেন্দ্ৰ মোডী বাৰানসীৰ পৰা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ গান্ধীনগৰৰ পৰা, ওম বিৰলা কোটাৰ পৰা, অর্জুন ৰাম মেঘৱাল বিকানেৰৰ পৰা, গজেন্দ্ৰ সিং শ্বেখাৱট যোধপুৰৰ পৰা, সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰ পৰা, জ্যোতিৰাদিত্য সিন্ধিয়া গুণাৰ পৰা, সমাজবাদী পাৰ্টীৰ নেত্ৰী ডিম্পল যাদৱ মেইনপুৰীৰ পৰা, কিৰেণ ৰিজিজু অৰুণাচল পশ্চিম সমষ্টিৰ পৰা কংগ্ৰেছৰ ৰাহুল গান্ধী উত্তৰ প্ৰদেশৰ ৰায়বেৰেলি আৰু কেৰালাৰ ৱায়নাডৰ পৰা আৰু আছানছ’লৰ পৰা তৃণমূল কংগ্ৰেছৰ শত্ৰুঘ্ন সিনহা অন্যতম। আনহাতে, নিৰ্বাচনত পৰাজয়ৰৰণ কৰা বিশিষ্ট প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী অর্জুন মুণ্ডা, স্মৃতি ইৰাণী, এন চি পি নেতা ওমৰ আব্দুল্লাহ আৰু পি ডি পিৰ নেত্রী মেহবুবা মুফটি আছে। উত্তৰ প্ৰদেশৰ ৮০খন আসনৰ ভিতৰত সমাজবাদী পাৰ্টীয়ে ৩৭খন আৰু বিজেপিয়ে ৩৩খন আসন হস্তগত কৰিছে। কংগ্ৰেছে ৬খন আৰু ৰাষ্ট্ৰীয় লোক দলে দুখন আসন লাভ কৰিছে। এ ডি এ এল আৰু এ এছ পি কে আৰ এ একোখনকৈ আসন লাভ কৰিছে। এইবাৰৰ নিৰ্বাচনত বহুজন সমাজ পাৰ্টীৰ এগৰাকী প্ৰাৰ্থীও জয়ী হোৱা নাই । একেদৰে বিহাৰত ৪০খন আসনৰ আটাইকেইখনৰে ফলাফল ঘোষণা কৰা হৈছে। বিজেপি আৰু জে ডি ইউয়ে ১২খনকৈ আসন লাভ কৰিছে। লোক জনশক্তি পাৰ্টী ৰামবিলাসে পাঁচখন, আৰ জে ডি ৪ খন, কংগ্ৰেছে ৩ খন আৰু চি পি আই এম এলে দুখন আসন লাভ কৰিবলৈ সমৰ্থ হৈছে। নিৰ্দলীয় প্ৰাৰ্থী ৰাজেশ ৰঞ্জন ওৰফে পাপ্পু যাদৱ পুৰ্ণিয়া সমষ্টিৰ পৰা জয়ী হৈছে। দিল্লীত বিজেপিয়ে সাতখন আসনৰ সাতোখনেই হস্তগত কৰিছে। পাঞ্জাৱত ১৩খন আসনৰ ভিতৰত কংগ্ৰেছে ৭খন, আম আদমী পাৰ্টীয়ে ৩ খন, শিৰোমণি আকালি দলে ১খন আৰু নিৰ্দলীয়ই দুখন আসন লাভ কৰিছে। হাৰিয়ানাত বিজেপি আৰু কংগ্ৰেছ উভয়ে ৫খনকৈ আসন লাভ কৰিছে। চণ্ডীগড়ৰ একমাত্ৰ আসনখনত কংগ্ৰেছ প্ৰাৰ্থী মনীষ তিৱাৰী জয়ী হৈছে। জম্মু-কাশ্মীৰত পাঁচখন আসনৰ ভিতৰত বিজেপি আৰু নেচনেল কনফাৰেন্সে দুখনকৈ আসন লাভ কৰিছে। এখন আসনত নিৰ্দলীয় প্রার্থী জয়ী হৈছে। হিমাচল প্ৰদেশৰ চাৰিওখন আসনতে বিজেপিয়ে জয়লাভ কৰিছে। উত্তৰাখণ্ডতো বিজেপিয়ে পাঁচোখন আসন লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজস্থানৰ ২৫খন আসনৰ ভিতৰত বিজেপিয়ে ১৪খন, কংগ্ৰেছে ৮খন আৰু চি পি আই এম, ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টী আৰু ভাৰত আদিবাসী পার্টীয়ে এখনকৈ আসন লাভ কৰিছে। গুজৰাটত বিজেপিয়ে ২৬খন আসনৰ ভিতৰত ২৫খনতে জয়লাভ কৰিছে। কংগ্ৰেছে এখন আসন লাভ কৰিছে। মহাৰাষ্ট্ৰত বিজেপিয়ে ৪৮খন আসনৰ ভিতৰত ৯খনত, কংগ্ৰেছে ১৩খন, শিৱসেনা উদ্ধৱ গোটে ৯খনত, এন চি পি শাৰদ পাৱাৰ গোটে ৮খনত, শিৱসেনা সিন্ধে গোটে ৭খন আসন লাভ কৰিছে। মধ্যপ্ৰদেশত বিজেপিয়ে ২৯খন আসন হস্তগত কৰিবলৈ সমৰ্থ হৈছে। ছত্তীশগড়ত বিজেপিয়ে ১০খন আৰু কংগ্ৰেছে ১খন আসন লাভ কৰিছে। ঝাৰখণ্ডত বিজেপিয়ে ১৪খন আসনৰ ৮খনত, ঝাৰখণ্ড মুক্তি মৰ্চাই তিনিখনত, কংগ্ৰেছে দুখনত আৰু এ জে এছ ইউয়ে এখনত জয়লাভ কৰিছে। পশ্চিম বংগত তৃণমূল কংগ্ৰেছে ২৯খন আসন হস্তগত কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যখনত বিজেপিয়ে ১২খন লাখ কৰিছে।

অধিক পঢ়ক

সকলো চাওক