প্ৰথমবাৰৰ বাবে দেশত ৮৫ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাবে ঘৰৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছেঃ নিৰ্বাচন আয়োগ

নিৰ্বাচন আয়োগে শাৰীৰিক বা অন্য যিকোনো বাধাগ্ৰস্ততাৰ বাবে যাতে কোনো যোগ্য ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সৰ্বাংগীনতা আৰু সুলভতা নিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যাপক অগ্রগতি লাভ কৰিছে। আয়োগে কয় যে এতিয়ালৈকে ছয়টা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত বিশেষভাৱে সক্ষম ব্যক্তি জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগৰ ব্যক্তি আৰু বিশেষভাৱে দুৰ্বল জনজাতীয় গোটৰ দৰে বিভিন্ন শ্ৰেণীৰ ভোটাৰৰ মাজত নিৰ্বাচনক লৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। আয়োগে লগতে কৈছে যে এইবাৰৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশতে ৮৫ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাবে ঘৰৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে নিৰ্বাচনৰ যোগেদিয়েই দেশৰ বৈচিত্ৰ্যৰ মনোভাৱক সঁচা অৰ্থত প্ৰতিফলিত কৰিবলৈ আয়োগ দৃঢ়প্রতিজ্ঞ আৰু এয়া দেশৰ বাবে গৌৰৱৰ বিষয়৷ আয়োগে লগতে কয় যে দুবছৰ পূৰ্বে যোগ্য নাগৰিকক নির্বাচনী তালিকাত নৱীকৰণ আৰু পঞ্জীয়নৰ বাবে এক সংহত প্ৰচেষ্টাৰ আৰম্ভ হৈছিল । এই শ্ৰেণীৰ ভোটাৰক লক্ষ্য কৰি বিশেষ পঞ্জীয়ন অভিযান শিবিৰ আদি কাৰ্যসূচী হাতত লোৱা হৈছিল। নির্বাচন আয়োগে ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ প্ৰৱণতা থকা সম্প্রদায়সমূহৰ মাজত অংশগ্ৰহণ বৃদ্ধিৰ বাবে বহুমুখী কৌশল গ্রহণ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক