লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাথোঁ ৩ দিন বাকী, ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ প্ৰচাৰ তুংগত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাথোঁ তিনিটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এই পৰ্যায়ত অহা ৭ মে’ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। পূৰ্বে এইটো পৰ্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পর্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে, গুজৰাটৰ ছুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীজন বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্রহণৰ তাৰিখৰ সালসলনি ঘটোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিৰ সংখ্যা ৯৩ লৈ হ্ৰাস পায়। এই পৰ্যায়ত গুজৰাটৰ ২৫টা, কৰ্ণাটকৰ ১৪টা, মহাৰাষ্ট্ৰ ১১টা আৰু উত্তৰ প্ৰদেশৰ ১০টা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ’ব। একেদৰে মধ্যপ্ৰদেশৰ ৯টা, ছত্তীশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসম আৰু পশ্চিমবংগ উভয়ৰে ৪টাকৈ আৰু গোৱা, দাদৰা আৰু নগৰ হাৱেলী আৰু দমন আৰু ডিউৰ দুটাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পর্যায়তে নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক