প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা আজি ৰাজ্যখনৰ নিৰ্বাচন হ’বলগীয়া ৫টা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হয়। পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্ৰেছ দলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে আজি শিলচৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। নিজৰ ভাষণত নেত্ৰীগৰাকীয়ে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক তীব্র সমালোচনা কৰে। তেওঁ বিজেপিক গণতান্ত্ৰিক প্ৰমূল্যৰ পৰিপন্থী বুলিও সমালোচনা কৰে । বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈৰ হৈ শিৱসাগৰত ৰোড শ্বত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে দলীয় প্ৰাৰ্থীৰ্গৰাকীক জয়ী কৰিবলৈ আহ্বান জনাই কয় যে, বিজেপি চৰকাৰে দেশত তোষামোদৰ ৰাজনীতি কৰাৰ পৰিৱৰ্তে উন্নয়নৰ ৰাজনীতিহে বিশ্বাস ৰাখি আহিছে। দলটোৰ শাসনকালত সংখ্যালঘু লোকসকলৰ সম উন্নয়ন হৈছে বুলিও তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। অনুষ্ঠানত মন্ত্ৰী পীযূষ হাজৰিকা, ডাº ৰণোজ পেগু, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক সুশান্ত বৰগোহাঁইৰ লগতে দলৰ ভালেসংখ্যক নেতা-কর্মীয়ে অংশগ্ৰহণ কৰে। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে কেইবাখনো নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজলৈ ভোটদানৰ আহ্বান জনায়। ডিব্ৰুগড় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলায়। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত খোৱাং আৰু ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত শ্ৰীসোণোৱালে প্ৰচাৰ চলায় ৷ ইপিনে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ ১৮খনকৈ গাঁও পঞ্চায়তত ই-ৰিক্সাৰে নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনা যোৰহাট সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে মাজুলীৰ লগতে সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। শ্ৰীগগৈয়ে মাজুলীৰ কমলাবাৰীঘাটৰ পৰা বাইক ৰেলী আৰু কমলাবাৰী চাৰিআলিত পদযাত্ৰাৰে প্ৰচাৰ চলায়। আম আদমী পাৰ্টীৰ ৰাজ্যিক সভাপতি ডা০ ভৱেন চৌধুৰীয়ে আজি দলৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত ডিব্ৰুগড় আৰু শোণিতপুৰ সমষ্টিত দলীয় প্ৰাৰ্থীক জয় কৰাবলৈ আহ্বান জনায়। কাইলৈ কোকৰাঝাৰত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা নির্বাচনী প্ৰচাৰ বাবে অহাৰ কথা। কোকৰাঝাৰত শ্ৰীনাড্ডাই বিজেপি-ইউ পি পি এলৰ প্ৰাৰ্থী আৰু ধুবুৰীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। ইপিনে কোকৰাঝাৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ তত্বাৱধায়ক জীতেন্দ্র সিঙে নির্বাচনী বাইক ৰেলীত অংশগ্ৰহণ কৰে। শ্ৰীসিঙে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীৰ জয় নিশ্চিত বুলি উল্লেখ কৰে।
Site Admin | April 17, 2024 7:52 PM | 1st phase election