ৰাজ্যত প্ৰথম পৰ্যায়ত লোকসভা নির্বাচন হ’বলগীয়া ৫টা সমষ্টিৰ ১৫গৰাকী প্ৰাৰ্থী কোটিপতি

ৰাজ্যত প্ৰথম পৰ্যায়ত লোকসভা নির্বাচন হ’বলগীয়া ৫টা সমষ্টিৰ ৩৫গৰাকী প্ৰাৰ্থী ভিতৰত ১৫গৰাকী কোটিপতি বুলি এখন প্রতিবেদনত প্ৰকাশ হৈছে। প্ৰাৰ্থীসকলে শপতনামাত দিয়া তথ্যৰ ভিত্তিতে এটা সংস্থাই এই প্রতিবেদনখন প্রস্তুত কৰিছে। সংস্থাটোৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া সমগ্ৰ দেশৰ এহেজাৰ ৬১৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামা পর্যালোচনা কৰিছিল। প্ৰথম পৰ্যায়ত ৰাজ্যৰ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ত এই সমষ্টিকেইটাত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ৩৫গৰাকী প্ৰাৰ্থীৰ ভিতৰত স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ নিৰীখত কাজিৰঙাৰ নিৰ্দলীয় প্রার্থী দিলৱাৰা বেগম চৌধুৰী শীৰ্ষত আছে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৭ কোটি ৫৮ লাখ ৪৩ হাজাৰ ৭৭ টকা। ইপিনে প্রথম পর্যায়ত প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত সম্পত্তিৰ পৰিমাণেৰে মধ্যপ্ৰদেশৰ ছিন্দৱাৰা সমষ্টিৰ কংগ্ৰেছ প্রার্থী নকুল নাথ শীৰ্ষত আছে। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭১৬ কোটি টকাৰো অধিক। ইয়াৰ বিপৰীতে তামিলনাডুৰ থুথুগুৰি সমষ্টিৰ নিৰ্দলীয় প্রার্থী পোনৰাজ কেৰ সম্পত্তিৰ পৰিমাণ মাত্র ৩২০ টকা আৰু তেওঁ হৈছে প্ৰথম পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ দেশৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী।

অধিক পঢ়ক

সকলো চাওক