লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ কুমাৰী চেলজাই কর্মসংস্থাপনহীনতাৰ বিষয় উল্লেখ কৰে। সাংসদগৰাকীয়ে কয় যে, দিনক দিনে দেশত এই সমস্যা বৃদ্ধি পাইছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছ নেতৃগৰাকীয়ে অগ্নীবীৰ আঁচনিখনক লৈ চৰকাৰক সমালোচনা কৰে আৰু আঁচনিখন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় ৷ চৰকাৰে বাজেটত খেতিয়ক আৰু শ্ৰমিকসকলক আওকাণ কৰা বুলি তেওঁ অভিযোগ তোলে। সাংসদগৰাকীয়ে কয় যে, চৰকাৰে ন্যূনতম সমর্থনমূল্য সন্দৰ্ভত খেতিয়কসকলক আইনী নিশ্চয়তা প্ৰদান কৰা উচিত আৰু শ্ৰমিকসকলৰ বাবে কমেও ৪ শ টকাৰ দৈনিক মজুৰী ধাৰ্য কৰিব লাগে ৷ আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ বিপ্লৱ কুমাৰ দেৱে কয় যে, ২০১৪ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত ভাৰত অর্থনৈতিকভাৱে দুৰ্বল বিশ্বৰ ৫ খন দেশৰ ভিতৰত আছিল। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে অৰ্থনৈতিক ব্যৱস্থা স্বচ্চ কৰি তুলিছে। শ্ৰী দেৱে কয় যে, অর্থনৈতিক সমীক্ষাত ২০২৪ -২৫ বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ ৬ দশমিক ৫ শতাংশৰ পৰা ৭ শতাংশৰ ভিতৰত থাকিব বুলি অনুমান কৰা হৈছে । তেওঁ ২০২৪-২৫ বৰ্ষৰ বাজেটখনক দেশৰ আৱশ্যকতা কেন্দ্রিক বুলি অভিহিত কৰে। সাংসদগৰাকীয়ে কয় যে, ২০২৩-২৪ বৰ্ষৰ তুলনাত এইবাৰ বাজেটত ১৮ শতাংশ অধিক মূলধনী ব্যয়ৰ প্ৰস্তাব দিয়া হৈছে আৰু ইয়াৰ পৰা বাজেটত যে আন্তগাঠনি তথা কর্মসংস্থাপনত অধিক গুৰুত্ব আৰোপ কৰা হৈছে সেয়া স্পষ্ট হৈ পৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে বিত্তীয় আৰু সামাজিক খণ্ডত লোৱা বিভিন্ন পদক্ষেপৰ কথা সাংসদগৰাকীয়ে উল্লেখ কৰে। সমাজবাদী পাৰ্টীৰ বীৰেন্দ্ৰ সিঙে আলোচনাত ভাগ লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বাজেটত উত্তৰপ্ৰদেশক আওকান কৰা বুলিও অভিযোগ তোলে। তেওঁ ইয়াক যুক্তৰাষ্ট্ৰীয় গাঠনিৰ ওপৰত হোৱা আক্ৰমন বুলি আখ্যা দিয়ে।
আলোচনাত অংশ লৈ তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কর্মসংস্থাপন, বিমুদ্ৰাকৰণ আৰু বিৰোধী নেতাসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ বিষয় লৈ চৰকাৰক তীব্র সমালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰ নিজৰ প্ৰতিশ্ৰুতি আৰু নিশ্চয়তা পূৰণত ব্যৰ্থ হোৱা বুলি তেওঁ অভিযোগ তোলে। সাংসদগৰাকীয়ে নীটৰ বিষয় লৈও চৰকাৰক আক্ৰমনৰ লক্ষ্য কৰি লয় । অলপতে হোৱা ৰেল দুৰ্ঘটনাৰ কথা উল্লেখ কৰি শ্ৰীবেনাৰ্জীয়ে কয় যে বাজেটত ৰেল সুৰক্ষাৰ বিষয়ে একো উল্লেখ কৰা হোৱা নাই। তেওঁ লগতে এইবাৰৰ বাজেটখন দুখীয়াৰ পৰিপন্থী বুলি অভিযোগ তোলে।
ডি এম কেৰ দয়ানিধি মাৰানে বাজেটত তামিলনাডুক অবহেলা কৰা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ লগতে মূল্যবৃদ্ধিৰ বাবে দেশৰ জনসাধাৰণ জিয়াতু ভূগিবলগীয়া হৈছে বুলি মন্তব্য কৰে। তেওঁ লগতে অপ্ৰত্যাশিত কৰ সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনায়।
ৰাজ্যসভাতো বাজেটক লৈ আলোচনা আৰম্ভ হৈছে। উচ্চ সদনত আলোচনা আৰম্ভ কৰি কংগ্ৰেছ সাংসদ পি চিদাম্বৰমে কর্মসংস্থাপনহীনতা আৰু মুদ্রাস্ফীতিৰ বিষয় উত্থাপন কৰে। কর্মসংস্থাপনহীনতা সবাতোকৈ ডাঙৰ সমস্যা বুলি অভিহিত কৰি তেওঁ কয় যে, উৎপাদন আধাৰিত উদগণি আঁচনিয়ে দেশত যথেষ্ট কৰ্মস্থাপন সৃষ্টি কৰা নাই ৷ কেন্দ্ৰীয় বাজেটত কর্মসংস্থাপনৰ সৈতে জড়িত উদগণি আঁচনি ঘোষণা কৰাক লৈ সাংসদগৰাকীয়ে প্ৰশ্নৰ অৱতাৰণা কৰে। শ্ৰীচিদাম্বৰমে কয় যে, মুদ্রাস্ফীতিৰ বাস্তৱিক পৰিসংখ্যা বহু বেছি। বিত্তমন্ত্ৰীয়ে বাজেটত এই বিষয়ে বিশেষ একো কোৱা নাই বুলি তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ সৈতে বৈষম্যৰ বিষয়টো উত্থাপন কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে, বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশে এইবাৰৰ বাজেটত অতিৰিক্ত পুঁজি লাভ কৰিছে। তেওঁ লগতে অগ্নিপথ আঁচনি আৰু নীট পৰীক্ষা বাতিল কৰিবলৈ দাবী জনায়।
আলোচনাত ভাগ লৈ বিজেপিৰ ড০ ৰাধন মোহন দাস আগৰৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যত আলোকপাত কৰে। তেওঁ কয় যে, চৰকাৰে আৰম্ভ কৰা জন ধন যোজনাই দেশৰ কোটি কোটি লোকলৈ বেংকিং সেৱা আগবঢ়াইছে। গ্রামাঞ্চলৰ ১৪ কোটিৰো অধিক পৰিয়াললৈ নলযোগে খোৱাপানী যোগান ধৰা হৈছে বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। ড০ ৰাধন মোহনে কয় যে, আয়ুষ্মান ভাৰত আঁচনি দেশৰ দৰিদ্ৰ লোকসকললৈ স্বাস্থ্য সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে। বিভিন্ন ক্ষেত্ৰত দেশৰ বিকাশৰ উজ্বল উদাহৰণ দি সাংসদগৰাকীয়ে কয় যে, দেশত ৮ শতাংশৰো অধিক বিকাশ হাৰেৰে কর্মসংস্থাপনৰ লাখ লাখ সুযোগ সৃষ্টি হৈছে। ইউ পি এ চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে, ২০১২-১৩ বৰ্ষত দেশত বিত্তীয় ঘাটি ১০ শতাংশৰো অধিক আছিল আৰু এই ঘাটি সম্প্ৰতি প্ৰায় ৫ শতাংশলৈ হ্ৰাস পাইছে। বৰ্তমানৰ চৰকাৰৰ দিনত জনমুৰী আয়ো বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে।