অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰম্ভ হ’ব। এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ, অধ্যক্ষ নির্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আদিকে ধৰি আন কেতবোৰ বিষয় আলোচনা কৰা হ’ব। আনহাতে ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশন ২৭ জুনত আৰম্ভ হ’ব আৰু ৩ জুলাইত অন্ত পৰিব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, দেশৰ জনসাধাৰণে তেওঁলোকৰ নেতা নির্বাচন কৰিলে আৰু এতিয়া দেশৰ সেৱা কৰাটোৱে হৈছে আমাৰ কৰ্তব্য। তেওঁ লগতে কয় যে, সংসদ হৈছে ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰ্ণ কৰাৰ বাবে আলোচনা, সমালোচনা তথা বিতৰ্ক কৰাৰ উপযুক্ত মঞ্চ।
Site Admin | June 12, 2024 2:10 PM | Akashvani News | India | Lok Sabha
অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰম্ভ হ’ব
