ডাউনলোড
মোবাইল এপ

android apple
signal

আজি সংসদৰ উভয় সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত

দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ ফলত আজিও সংসদৰ উভয় সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখাৰ পাছত দিনৰ চাৰে ১১ বজাত উচ্চ সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, বাঁওপন্থী দল, ডি এম কে, তৃণমূল কংগ্ৰেছ, সমাজবাদী পার্টী, আম আদমী পাৰ্টী আৰু আন কেইবাটাও দলে তেওঁলোকৰ দ্বাৰা উল্লেখিত বিষয়কেইটাৰ সন্দৰ্ভত সদনত সভাস্থগিত প্ৰস্তাৱ উত্থাপনৰ দাবী জনায়। সভাপতি জগদীপ ধনখড়ে এই দাবী প্রত্যাখান কৰাত বিৰোধী সদস্যসকলে ধ্বনি দিবলৈ আৰম্ভ কৰে আৰু সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। সভাপতিৰ বাৰম্বাৰ অনুৰোধকো বিৰোধী সদস্যসকলে কৰ্ণপাত নকৰাত সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ কথা ধনখড়ে ঘোষণা কৰে। ইয়াৰ পূৰ্বে পুৱা সদন মিলিত হোৱাৰ সময়ত আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীটোৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগ, মণিপুৰৰ সংঘৰ্ষ আৰু উত্তৰ প্ৰদেশৰ চম্বলৰ ঘটনাৰ বাবে বিৰোধী পক্ষই সদন পৰিচালনাৰ ২৬৭ নম্বৰ নিয়মৰ অধীনত সভা স্থগিতকৰণৰ প্ৰস্তাৱৰ জাননী সভাপতিয়ে খাৰিজ কৰে। ইয়াকে লৈ বিৰোধী পক্ষৰ সাংসদসকলে হুলস্থুলীয়া পৰিস্থিতি অব্যাহত ৰখাৰ ফলত সদনৰ কাম-কাজ দিনৰ চাৰে ১১ বজালৈ স্থগিত ৰখা হয়।

লোকসভাতো আজি অনুৰূপ দাবীক লৈ বিৰোধী কংগ্ৰেছ, সমাজবাদী পার্টী, ডি এম কে, তৃণমূল কংগ্ৰেছ আৰু অন্যান্য দলৰ সদস্যসকলে হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে আৰু সেই সময়ত সদনৰ কাম-কাজ সভাপতিয়ে দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখে। দিনৰ ১২ বজাত নিম্ন সদনৰ কাম-কাজ পুনৰ আৰম্ভ কৰা সময়তো কেইবাগৰাকীও বিৰোধী সদস্য সদনৰ মজিয়ালৈ উঠি আহি দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগ আৰু অন্যান্য বিষয়সমূহক লৈ ধ্বনি দিবলৈ আৰম্ভ কৰে। সদন পৰিচালনাৰ দায়িত্বত থকা সাংসদগৰাকীয়ে সদনৰ শৃংখলা ৰক্ষাৰ বাবে জনোৱা বাৰম্বাৰ আহ্বানক বিৰোধী পক্ষই কৰ্ণপাত নকৰাত সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।

অধিক পঢ়ক

সকলো চাওক